• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱত বুধবাৰে কেবিনেট বৈঠক ! মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি...

বঙাইগাঁৱত বুধবাৰে কেবিনেট বৈঠক ! মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি...

বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।  দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱলৈ আহিব লগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসকলক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷

বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।  দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱলৈ আহিব লগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসকলক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷

বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।  দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱলৈ আহিব লগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসকলক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷

  • Share this:
Assam News : বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।  দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱলৈ আহিব লগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসকলক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে জিলা বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰাৰ লগতে দলীয় সভাতো অংশগ্ৰহণ কৰিব ৷

Assam News Today

বঙাইগাঁৱত কেবিনেট বৈঠকক লৈ ব্যাপক প্ৰস্তুতি ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰীবৰ্গক আদৰাৰ কাৰণে বঙাইগাঁৱত প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে ৷ অহা বুধবাৰে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে বঙাইগাঁৱলৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ৷ হেলিকপ্তাৰযোগে উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই কেবিনেট বৈঠকত অংশ গ্ৰহণ কৰাৰ লগতে কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰিব ৷ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ক্ল’ক টাৱাৰ , ৱাকিং জ’ন , একুৰিয়াম আদিৰ উদ্বোধন কৰাৰ লগতে কেইবাখনো আঁচনিৰ আধাৰ শিলা কৰিব ৷   মুখ্যমন্ত্ৰীৰ নিশা যাপনৰ বাবে বঙাইগাঁও আৱৰ্ত ভৱনত বিশেষ কোঠা সাজু কৰি তোলা হৈছে ৷

একেদৰে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসভাৰ বাকী সকল সদস্যৰ আগমনক প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ চহৰখন সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ৷ বঙাইগাঁও আৱৰ্ত ভৱনৰ লগতে অভয়াপুৰীত মন্ত্ৰীসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীবৰ্গক আতিথ্য প্ৰদানৰ বাবে বঙাইগাঁওবাসী সম্পূৰ্ণ সাজু হৈ থকা বুলি বিধায়ক ফণীভূষণ চৌধুৰী আৰু উপায়ুক্ত ডা° এমএছ লক্ষ্মীপ্ৰিয়াই জানিব দিছে ৷

ইফালে কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ৰ উদ্বোধন কৰিব ৷ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিষয়ববীয়াৰ এক বৈঠকো আয়োজন কৰা হৈছে ৷ ইফালে মুখ্যমন্ত্ৰীৰ আগমনৰ লগত সংগতি ৰাখি বুথ সভাকে ধৰি সাংগঠনিক সভাৰো আয়োজন কৰা হৈছে ৷ আনহাতে , ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ধেমাজিৰ পিছত বঙাইগাঁৱত অনুষ্ঠিত দ্বিতীয়খন কেবিনেট বৈঠকে জিলাখনৰ উন্নয়ণ তৰাম্বিত কৰি তুলিব বুলি  মন্ত্ৰী ৰণজিত কুমাৰ দাসে আশা ব্যক্ত কৰে ৷ কেবিনেট বৈঠকৰ লগতে দলীয় কাৰ্যসূচীৰ বাবে দুদিনীয়া মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ ভ্ৰমণ কাৰ্যসূচীৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে বঙাইগাঁৱত উপস্থিত হৈ তদাৰক কৰা পৰিলক্ষিত হয় ৷

ইফালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবৰ্গৰ বঙাইগাঁও আগমণৰ  প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ দিনা যান বাহনৰ পথ নিৰ্দেশনা কিছু সাল সলনি কৰা বুলিও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিব দিছে ৷
Published by:Kokil Sarma
First published: