পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)। ৬ দিন পূৰ্বে ৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে দুৰ্ঘটনাৰ (Assam Boat Accident) পিছদিনা হিমন্ত বিশ্ব শৰ্মা গৈছিল নিমাতী ঘাটলৈ (Nimati Ghat)।
অভিশপ্ত বুধবাৰে নাও দুৰ্ঘটনাৰ (Assam Boat Accident) পিছত বৃহস্পতিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ইঞ্জিনৰ নাও বন্ধকে ধৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছিল। সেই নিৰ্দেশনাসমূহ সূচাৰুৰূপে পালন হৈছে নে নাই জল পৰিবহণ বিভাগ আৰু প্ৰশাসনে কি কি ব্যৱস্থা হাতত লৈছে সেয়া চাবলৈ আজি পুনৰ নিমাতী ঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। ফেৰী চলাচল আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ নিমিত্তে জল পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা কেতবোৰ পদক্ষেপৰ বিষয়ে বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Six days after my 1st visit to Nimatighat, I went there again today to review steps taken by Inland Water Transport Dept & admin of Jorhat, Majuli to ensure smooth movt of ferries & safety of passengers.