মুখ্যপৃষ্ঠা »খবৰ »অসম »বৃহস্পতিবাৰে একেদিনাই গুৱাহাটীৰ সাতটা স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী ...

বৃহস্পতিবাৰে একেদিনাই গুৱাহাটীৰ সাতটা স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী ...

Himanta Biswa Sarma (File Photo)

Himanta Biswa Sarma (File Photo)

এটা নহয়, দুটা নহয়— মুঠ সাতটা অনুষ্ঠান ৷ বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত সাতটা স্থানত আয়োজন কৰা সাতটা অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

  • Share this:
এটা নহয়, দুটা নহয়— মুঠ সাতটা অনুষ্ঠান ৷ বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত সাতটা স্থানত আয়োজন কৰা সাতটা অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

বৃহস্পতিবাৰৰ পুৱা ১০ বজাত মুখ্যমন্ত্ৰী উপস্থিত থাকিব খাৰঘূলিৰ নতুন ৰাজভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ৷

দ্বিতীয়টো কাৰ্যসূচী আঠগাঁৱত ৷ পুৱা ১১:৩০ বজাত আৰক্ষী নিৱেশৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ৷

তৃতীয়টো অনুষ্ঠান ৰূপনগৰত ৷ দুপৰীয়া ১২:১৫ বজাত ৰূপনগৰত নিৰ্মাণ কৰিবলগীয়া সংহত উপায়ুক্ত কাৰ্যালয়ৰ ভূমি পূজন কৰিব মুখ্যমন্ত্ৰীয়ে ৷

চতুৰ্থটো কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ ১ বজাত ৮০০ আসনযুক্ত প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীৰ পঞ্চমটো কাৰ্যসূচী হ'ল খানাপাৰত ৷ ৫০০০ আসনযুক্ত এক প্ৰেক্ষাগৃহৰ ভূমি পূজন কৰিব ১:৪৫ বজাত ৷

ষষ্ঠটো কাৰ্যসূচীও খানাপাৰাতে ৷ আবেলি ২:৩০ বজাত মুখ্যমন্ত্ৰী ড° শৰ্মাই গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ভূমি পূজন কৰিব ৷

সপ্তমটো তথা অন্তিমটো কাৰ্যসূচী বেতকুছিত ৷ আবেলি ৩:১৫ বজাত বেতকুছিত মুখ্যমন্ত্ৰীয়ে সংহত সঞ্চালকালয় কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব ৷

শেহতীয়া বাতৰি