• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পাঁচ কোটি টকা ঘোষণা মুখ্যমন্ত্ৰীৰ, কলেজখনক বিশ্ববিদ্যালয়লৈ উন্নতি কৰাৰ বাবে শিক্ষামন্ত্ৰীক উদ্যোগ লবলৈ আহ্বান...

শিৱসাগৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পাঁচ কোটি টকা ঘোষণা মুখ্যমন্ত্ৰীৰ, কলেজখনক বিশ্ববিদ্যালয়লৈ উন্নতি কৰাৰ বাবে শিক্ষামন্ত্ৰীক উদ্যোগ লবলৈ আহ্বান...

শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নতি কৰাৰ বাবে শিক্ষামন্ত্ৰীক উদ্যোগ লবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।ঐতিমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ মুকলি সভাত  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷

  • Share this:
ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত ১৯৪৭ চনত প্ৰতিষ্ঠা হৈছিল উজনি অসমৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান শিৱসাগৰ মহাবিদ্যালয়। বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেদি কলেজখনে ভৰি দিলে গৌৰৱোজ্জ্বল ৭৫ বছৰত।
বৰ্ষজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ লোৱা
আজি মহাৰজত বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকী আদৰিবলৈ কলেজখনত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে। প্ৰিয় মুখ্যমন্ত্ৰীক ওচৰত পায় আনন্দত আত্মহাৰা হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল।

মুখ্যমন্ত্ৰীগৰাকীয়ে কলেজ চৌহদত শিৱসাগৰ কলেজৰ প্ৰাণ প্ৰতিষ্ঠাতা, প্ৰতিষ্ঠাপক অধ্যক্ষ তথা ফুলনিৰ কবি পদ্মধৰ চলিহা আৰু কলেজৰ অন্যতম খনিকৰ সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ দুটি আৱক্ষ মূৰ্তি উন্মোচন কৰে।
লগতে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মুকলি মঞ্চৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লয়। শিৱসাগৰ মহাবিদ্যালয়ত উপস্থিত হৈ শৰ্মাই শিক্ষা মন্ত্ৰী ৰনোজ পেগুক মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে কথা পাতি ৩ বছৰৰ ভিতৰত মহাবিদ্যালয় খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে উদ্যোগ লবলৈ অনুৰোধ জনায়৷ লগতে কলেজৰ আন্তঃগাথনি উন্নয়নৰ বাবে ৫ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
Published by:Kokil Sarma
First published: