আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৪ সংখ্যক ওপজা দিন। দেশৰ অন্যতম জনপ্ৰিয় নেতা তথা জালুকবাৰী সমষ্টিৰ বিধায়কগৰাকীৰ জন্মদিনক লৈ সমষ্টিবাসীৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জালুকবাৰী সমষ্টিৰ বৃহত্তৰ পাণ্ডু-মালিগাঁৱৰ ৰাইজৰ উদ্যোগত কালিৰে দুদিনীয়াকৈ উদযাপন কৰি থকা হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। এই দুদিনীয়া জন্মদিন উদযাপনত ৰাইজে ভিন্ন কাৰ্যসূচী হাতত লৈছে। এই দুদিনীয়া কাৰ্যসূচীৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডতে জনকল্যাণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
মঙলবাৰৰ দিনটোত পাণ্ডুত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালিৰ অনুষ্ঠান সম্পন্ন হয়। ইয়াৰোপৰি, সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিহুকে আদি কৰি কেইবাটাও অসমৰ কেইবাটাও লোকসংস্কৃতিৰ নৃত্যানুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ নিশা ১২ বজাৰ লগে লগে ৰাইজে কেক কাটি ৰাইজে উদযাপন কৰে জন্মদিন।
ইফালে, আজিৰ দিনটোত গ্ৰহণ কৰা হৈছে আন এলানি বিশেষ কাৰ্যসূচী। পুৱাই বিভিন্ন নামঘৰত শৰাই আগবঢ়োৱাৰ লগতে মন্দিৰসমূহত পূজা-অৰ্চনা কৰা হ'ব। লগতে বহুকেইজন বিশেষভাৱে সক্ষম লোকক প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱা হ'ব। বিভিন্ন ৱাৰ্ডত বিনামূলীয়া স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 01, 2023, 14:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।