আজি গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক বৈঠকত মিলিত হয়। এই বৈঠকত কেইবাটাও বৃহৎ প্ৰকল্প সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। লগতে বৈঠকত সংশ্লিষ্ট বিষয়াসকলক ২০২৬ চনৰ ভিতৰত এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনাও প্ৰদান কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰা প্ৰকল্পসমূহ হৈছে-
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২,৬০৮ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত দলং।
ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছিৰ ওপৰত ৩,১৯৭ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া দলং।
অসম মালাৰ অধীনৰ প্ৰকল্প, প্ৰকল্পৰ খৰচ-ক) প্ৰথম পৰ্যায়ত ৩,৫১৯ কোটি টকা
খ) দ্বিতীয় পৰ্যায়ত ৩,৯৯৮ কোটি টকা
গ) তৃতীয় পৰ্যায়ত ৩,৮০০ কোটি (প্ৰায়)
প্ৰায় ৩,৮০০ কোটি টকা ব্যয়ৰে ভাৰত চৰকাৰে অনুমোদন জনোৱা ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰোডমেপৰ বাবে বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প।
সৰ্বমুঠ ৪,০০০ কোটি টকা প্ৰকল্প ব্যয়ৰে ১,১০০খন পকী দলঙলৈ ৰূপান্তৰ হ'বলগীয়া কাঠৰ দলং প্ৰকল্প।
ৰাজ্যিক সম্পদ প্ৰকল্পৰ ব্যয়ৰ বাহিৰেও কাৰ্যকৰীকৰণ বা অনুমোদন প্ৰক্ৰিয়াত থকা ২৫,০০০ কোটি টকাৰ প্ৰকল্প।
মন কৰিবলগীয়া যে, বৈঠকত অসম চৰকাৰৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেমপ্ৰাই, বিশেষ সচিবদ্বয় ক্ৰমে বিভূতি শইকীয়া, দিব্যজ্যোতি চহৰীয়া, লোক নিৰ্মাণ (পথ) বিভাগৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম, লোক নিৰ্মাণ (সীমান্ত) বিভাগৰ মুখ্য অভিযন্তা অলোক কুমাৰ দাস, মুখ্য অভিযন্তা (ই এ পি) পৱন তেৰাঙকে ধৰি অন্যান্যসকল উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|