
অসমৰ মুখ্যমন্ত্রীয়ে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ বিষয়াসকলৰ সৈতে বিষয়বস্তুৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।
অসমৰ মুখ্যমন্ত্রীয়ে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ বিষয়াসকলৰ সৈতে বিষয়বস্তুৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।
বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত চলিত পানী যোগান প্ৰকল্প আৰু আঁচনিসমূহৰ স্থিতি সম্পৰ্কে এক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ বিষয়াসকলৰ সৈতে বিষয়বস্তুৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। উক্ত বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে নির্মাণজনিত অগ্রগতি, সম্পূৰ্ণকৰণৰ পৰিকল্পনা, জাইকাৰ সহযোগিতাৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ গৃহ সেৱাৰ সম্পূর্ণকৰণ স্থিতি, প্ৰকল্পৰ সম্পৰীক্ষা আৰু আংশিক আৰম্ভণিয়ে সামৰি ল’বলগীয়া এলেকা পৰীক্ষণৰ বুজ লয়। ইয়াৰ লগতে তেখেতে ৰূপায়ণ সম্পৰ্কীয় বিভিন্ন বিষয়ৰো পৰ্যালোচনা কৰে।
এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট মন্ত্ৰী অশোক সিংহল, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, গৃহ আৰু নগৰ পৰিক্রমা বিভাগৰ সচিব ভাস্কৰ ফুকন, জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়া কে জে হিলালী আৰু এ ইউ আই আই পিৰ প্ৰকল্প সঞ্চালক নবাব আল আজহাৰ আলীও উপস্থিত থাকে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|