৬ আৰু ৭ জানুৱাৰীত সকলো ৰাজ্যিক কৰ্মচাৰী (State Govt Employee) আৰু মন্ত্ৰী বিধায়ক (Minister-MLA)ৰ বাবে বিশেষ নৈমিত্তিক ছুটী (Special Casual Vacation)ৰ দিন ঘোষণা কৰি পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব পালনৰ সুযোগ (responsibility towards parents) প্ৰদানৰে ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে ৰাজ্যত প্ৰযোজিত কৰিছে মাতৃ-পিতৃ বন্দনা । এই উপলক্ষত ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা চলাই নিয়াত সমস্যা আৰু অসুবিধা সৃষ্টি নহ'বনে বুলি আজি সোণাৰিত বিশেষ ভ্ৰমণসূচীলৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr Himanta Biswa Sharma)ক সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ল'ৰা-ছোৱালী পিতৃ-মাতৃৰ লগত থকাৰ কাৰণে প্ৰশাসন চলোৱাত চাৰিদিন অসুবিধা হ'লেও হওক এই ক্ষেত্ৰত চৰকাৰে সহ্য কৰিব।
আনহাতে স্বাস্থ্য বিভাগ, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক এই ক্ষেত্রত চাৰিমাহত চুটি ভগাই ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ইফালে দ্ৰুতহাৰত ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱালৈ চাই সমাগত মাঘ বিহু উদযাপন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীক প্ৰশ্ন কৰাত কয়, মাঘ বিহু ঘৰতেই হয়। গতিকে ক'ভিডৰ কাৰণে মাঘবিহু উদযাপন কৰাত অসুবিধা নাই বুলি নিজৰ মত প্ৰকাশ কৰে।উল্লেখ্য যে আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী গৰাকীয়ে সোণাৰিৰ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পাছত কাষতে থকা কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কিছু সময় অতিবাহিত কৰি পোনে পোনে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ (MP Tapan Kumar Gogoi)ৰ ঘৰত উপস্থিত হয়গৈ। সাংসদ গৰাকীৰ সদ্য প্ৰয়াত মাতৃৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধা নিবেদন কৰাৰ পাছত স্থানীয় ৰাইজৰ লগতে দলীয় কৰ্মীৰ লগত মত বিনিময় কৰে। পৰৱৰ্তী সময়ত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী বিমল বৰা, যোগেন মহন আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে মুখ্যমন্ত্ৰী গৰাকীয়ে সোণাৰিত উপস্থিত হৈ নিৰ্মিয়মান চৰাইদেউ মেডিকেল কলেজৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|