• Home
  • »
  • News
  • »
  • assam
  • »
  • PFI : পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIক নিষিদ্ধ কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ, অসম চৰকাৰে ৰুজু কৰিছে গোচৰ

PFI : পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIক নিষিদ্ধ কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ, অসম চৰকাৰে ৰুজু কৰিছে গোচৰ

PFI : সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে অসমতো আৰক্ষীয়ে ১০জন আটক কৰে PFI কেডাৰক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিৰ্দিষ্ট ইনপুট আছিল।

  • Share this:
দেশজুৰি PFIৰ বিৰুদ্ধে NIA, ED আৰু ৰাজ্যিক আৰক্ষীয়ে অভিযান চলাই শতাধিক কেডাৰক গ্ৰেপ্তাৰৰ পিছতে পুনৰবাৰ ইছলামিক সংগঠনটোক নিষিদ্ধ কৰাৰ দাবী জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। আজি সংবাদমাধ্যমৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, 'আমি PFIক নিষিদ্ধ (Ban PFI) কৰাৰ বিষয়ে বাৰে বাৰে কৈ আহিছোঁ ৷ গৰুখুঁটি কাণ্ডৰ পৰা আমি PFIক নিষিদ্ধ কৰাৰ দাবী জনাই আহিছোঁ।'

মুখ্যমন্ত্ৰী শৰ্মাই আকৌ কয়, 'সন্দেহ কৰা হৈছে যে তেওঁলোকে কিছুমান দেশবিৰোধী, সন্ত্রাসবাদী কার্যকলাপত জড়িত হৈ আছে ৷ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ইকোছিষ্টেম তৈয়াৰ কৰি আছে। আমি PFI আৰু সন্ত্ৰাসবাদীৰ মডিউল (Terror Module)ৰ মাজৰ নেক্সাছৰ তদন্তও কৰি আছোঁ। PFIএ ইকোছিষ্টেম এটা সৃষ্টি কৰে আৰু সেই ইকোছিষ্টেমৰ ভিত্তিত মানুহক জেহাদ (Jehad)লৈ টানি অনা হয়।'

'আমি ইতিমধ্যে তেওঁলোক (PFI)ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছোঁ। আমি PFIৰ বিক্ষোভৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছোঁ। কোনে উচটনি দিছিল সেয়াও আমি বিচাৰ কৰি আছোঁ।' এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে PFIৰ নেতাক গ্ৰেপ্তাৰৰ পিছতে কামৰূপ, গোৱালপাৰাৰ কিছু ঠাইত পি এফ আইৰ সদস্যই আৰক্ষীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল।

সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে অসমতো আৰক্ষীয়ে ১০জন আটক কৰে PFI কেডাৰক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিৰ্দিষ্ট ইনপুট আছিল।
Published by:Manjumoni Borah
First published: