চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ অন্যতম সমস্যা হৈছে সীমা সমস্যা। সীমান্তৰ উত্তেজনাৰ বাবেই মিজোৰাম আৰক্ষীৰ গুলীত নিহত হল অসম আৰক্ষীৰ ৬ জনকৈ জোৱান। আহত হল প্ৰায় ৫০ গৰাকী লোক।
অসম মিজোৰামৰ লাইলাপুৰৰ দৰে ঘটনা অন্যান্য চুবুৰীয়া ৰাজ্যৰ লগতো যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰচেষ্টা চলাইছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম আৰু মেঘালয়ৰ সীমা সমস্যা সম্পৰ্কত মুখ্যমন্ত্ৰী পৰ্য্যায়ত বৈঠক অনুষ্ঠিত হয়।