মুখ্যপৃষ্ঠা »খবৰ »অসম »ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিত বিষয়ৰ কিতাপ ছপা হ'ল ইংৰাজী ভাষাত ...

ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিত বিষয়ৰ কিতাপ ছপা হ'ল ইংৰাজী ভাষাত ...

নতুন শিক্ষা বর্ষ আৰম্ভ হ'বলৈ দুটা দিন বাকী থকাত শিক্ষাৰ্থী আৰু শিক্ষকক বিবুধিত পেলাই হঠাৎ ইংৰাজী ভাষাত ছপা হৈছে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান পাঠ্যক্ৰম।

  • Share this:
ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত আছিল তৃতীয় শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভাষাত পঢ়িব লাগিব গণিত আৰু বিজ্ঞান বিষয়। যোৱা বছৰৰ অক্টোবৰ মাহৰ এই সিদ্ধান্তৰ পিছতে নতুন শিক্ষা বর্ষ আৰম্ভ হ'বলৈ দুটা দিন বাকী থকাত শিক্ষাৰ্থী আৰু শিক্ষকক বিবুধিত পেলাই হঠাৎ ইংৰাজী ভাষাত ছপা হৈছে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান পাঠ্যক্ৰম।

ক শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমত পঢ়ি থকা শিক্ষাৰ্থী সকলৰ মাজত যেন এতিয়া সৰগ ভাঙি পৰিছে। কেৱল অসমীয়া ভাষাৰে নহয়। বড়ো, মণিপুৰী, বাংলা, হিন্দী আৰু মণিপুৰী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান ছপা হৈছে ইংৰাজী মাধ্যমত।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মন্তব্য এই সিদ্ধান্ত পূৰ্বতে লোৱা হৈছে দুখীয়া লৰা-ছোৱালীৰ ডক্টৰ, ইঞ্জিনীয়াৰ কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।প্ৰাৰম্ভিক পৰ্যায়ত দুটা বছৰলৈ বাহাল থাকিব এই সিদ্ধান্ত।ছাত্ৰ ছাত্ৰীয়ে পিছলৈ উপকৃত নহ'লে বাতিল কৰা কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে। বিধায়ক ৰফিকুল ইছলামৰ মতে কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী কেতিয়াও কৰিব পৰা নাই ৰাজ্য চৰকাৰে।
এই ক্ষেত্ৰত শিক্ষা বিভাগক কঠোৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। শিক্ষা বিভাগে অৰাজকতা সৃষ্টি কৰাৰ কথা প্ৰকাশ বিধায়কজনৰ।
চৰকাৰী মাধ্যমৰ যি সকল দুৰ্বল ছাত্ৰ ছাত্ৰী তেওঁলোকে হঠাৎ ইংৰাজী ভাষাত এই দুটা বিষয় কঠিন হৈ পৰাটো এক প্ৰকাৰ নিশ্চিত।

শেহতীয়া বাতৰি