প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহক বিদেশী ঘোষণা কৰাৰ পাছতেই এইবাৰ ডি-ভোটাৰ ঘোষণা কৰা হ’ল চি আই এছ এফৰ এগৰাকী জোৱানক। বিগত ২৫ বছৰে চি আই এছ এফত চাকৰি কৰা কামৰূপ গ্ৰাম্যৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত দলাগাঁৱৰ মামুদ আলী নামৰ জোৱানজনক ডি-ভোটাৰ হিচাপে চিহ্নিত কৰা হয়।‘ডি-ভোটাৰ’ৰ জাননী লাভ কৰাৰ পাছতে কলিকতাত কৰ্মৰত জোৱান জন কালি সন্ধিয়া নিজৰ বাসগৃহত উপস্থিত হৈ বিষয়োটো সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
বিষয়টো সন্দৰ্ভত মামুদ আলীয়ে কয় যে, ‘মই ২৫ বছৰে চি আই এছ এফত কাম কৰি আছো। মোৰ দেউতাৰ ১৯৪৭ চনৰ স্কুল চাৰ্টিফিকেট আছে। ১৯৬৬ আৰু ৭১ চনৰ ভোটাৰ লিষ্টত নাম আছে। মই দেশৰ হকে কাম কৰি আছো। মোৰ সকলো নথি-পত্ৰ থকাৰ পাছতো মোৰ এতিয়া আত্ম সন্মানত আঘাত পাইছো।’ উল্লেখ্য যে, দলাগাঁৱৰ প্ৰয়াত কেৰামত আলী শ্বেখৰ পুত্ৰ মামুদ। কেৰামত আলীৰ ১৯৫১ চনৰ এন আৰ চিতো নাম থকা বুলি জানিবলৈ দিয়ে তেওঁৰ পুত্ৰ মামুদে।
এনেদৰে এগৰাকী স্বদেশী মানুহক ডি–ভোটাৰ সজোৱাৰ বিষয়টোৱে এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|