নিবনুৱাক সংস্থাপনত চৰম প্ৰতাৰণা আৰু লঘু বাহনৰ নিবিদাৰ ক্ষেত্ৰত ছিণ্ডিকেট চলোৱাৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰি যোৰহাট চিনামৰাস্থিত ONGCৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ অৱৰোধৰ হুংকাৰ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ।
এখন সংবাদমেলত চুতীয়া ছাত্ৰ সন্থাই ONGCৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে। উল্লেখ্য যে ONGCৰ যোৰহাট এচেটৰ অধীনত ধনশিৰি মহকুমাৰ পৰা বছৰ বছৰ ধৰি কোটি কোটি টকাৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি অহা বুলি উল্লেখ কৰি স্থানীয় নিবনুৱা যুৱক-যুৱতী সকলক কৰ্ম সংস্থাপনৰ ফালে পিঠি দিয়া বুলি প্ৰকাশ কৰে।
অভিযোগ মতে, ২০২২ বৰ্ষত ONGCয়ে বিভিন্ন কাম-কাজৰ পৰিচালনা কৰিবৰ বাবে ৫৮খন লঘু বাহনৰ নিবিদাৰ আহ্বান জনোৱা হৈছিয় যদিও নিবিদাত অংশগ্ৰহণ কৰিবলৈ ONGCৰ কোনো ঠাইতে প্ৰযোজ্য নোহোৱা নাভুত নাশ্ৰুত চৰ্ত আৰোপ কৰা হৈছে, যাৰ ফলত বহু বছৰৰ পৰা একেৰাহে ONGCৰ যোৰহাট এচেটৰ অধীনত লঘু বাহনৰ নিবিদা লাভ কৰা এক ছিণ্ডিকেট চক্ৰৰ বাহিৰে নতুন কোনো স্থানীয় লোকে নিবিদাত অংশগ্ৰহণ কৰিবলৈ যোগ্য বিবেচিত নহয়।
ONGCয়ে আহ্বান জনোৱা নিবিদাত দুখনকৈ লঘু বাণিজ্যিক বাহনৰ গৰাকী হ'লেহে নিবিদাত অংশগ্ৰহণ কৰিব পাৰিব বুলি নাভুত নাশ্ৰুত চৰ্ত আৰোপ কৰিছে। ইয়াৰ বিপৰীতে ২০১৯ বৰ্ষত ONGCয়ে আহ্বান জনোৱা নিবিদাত কেৱল এখন লঘু বাহনৰ গৰাকী হ'লেই নিবিদাত অংশগ্ৰহণ কৰিব পাৰিছিল। তদুপৰি ONGCৰ শিৱসাগৰ সম্পদে যি লঘু বাহনৰ নিবিদা আহ্বান কৰে, সেই নিবিদাত ৭ বছৰৰ ভিতৰৰ এখন লঘু বাহন অথবা এখন বাণিজ্যিক বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থাকিলেই নিবিদাৰ বাবে যোগ্য বিবেচিত হৈছিল।
তদুপৰি OIL INDIA, NRL, BCPLয়ে লঘু বাহনৰ নিবিদাৰ ক্ষেত্ৰত স্থানীয় নিবনুৱা যুৱক-যুৱতীক প্ৰাধান্য দি সামান্য নথি-পত্ৰৰে লঘু বাহনৰ নিবিদাত অংশগ্ৰহণৰ সুযোগ দি আহিছে। কিন্তু ONGC ৰ যোৰহাত এচেটে চিনামৰাত গঢ়ি উঠা এক ছিণ্ডিকেট চক্ৰৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অতি কঠোৰ চৰ্ত আৰোপ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে।
ONGCৰ এনে পক্ষপাতিত্ব আৰু হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শুক্ৰবাৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি এক দাবীসম্বলিত স্মাৰকপত্ৰ ONGCৰ যোৰহাটৰ ব্ৰেচিন মেনেজাৰলৈ প্ৰেৰণ কৰি ৪ জুলাইলৈকে সময়সীমা বান্ধি দিয়ে।
তদুপৰি সংবাদমেলত ONGCয়ে নিবিদাৰ ক্ষেত্ৰত আৰোপ কৰা কঠোৰ নীতি নিয়ম প্ৰত্যাহাৰ নকৰিলে আৰু স্থানীয় নতুন নিবিদাকাৰীক অংশগ্ৰহণৰ বাট মুকলি নকৰিলে ৪ জুলাইৰ পৰা ধনশিৰি মহকুমাৰ অধীনত চলি থকা ONGCৰ সমূহ কাম-কাজ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|