দুৰ্ঘটনাত আহত জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ

দুৰ্ঘটনাত মূৰ, ডিঙি আৰু চকুত আঘাত পাইছে উদয় শংকৰে।

News18-Assam
Updated:July 5, 2019, 10:52 AM IST
দুৰ্ঘটনাত আহত জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ
দুৰ্ঘটনাত মূৰ, ডিঙি আৰু চকুত আঘাত পাইছে উদয় শংকৰে।
News18-Assam
Updated: July 5, 2019, 10:52 AM IST
এক পথ দুৰ্ঘটনাত আহত হৈছে অসমৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত নেলীত দুৰ্ঘটনাত পতিত হয় কৰিঅ’গ্ৰাফাৰজন। বৰ্তমান উদয় শংকৰ সংকটমুক্ত আৰু ঘৰতে বিশ্ৰাম লৈ আছে।

উদয় শংকৰৰ পত্নীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাত মূৰ, ডিঙি আৰু চকুত আঘাত পাইছে উদয় শংকৰে। দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হৈছে গাড়ীখনৰ চালকজনো। কিন্তু বৰ্তমান সংকটমুক্ত উদয় শংকৰ।

ইফালে, এই দুৰ্ঘটনাৰ কথা ছচিয়েল মিডিয়াযোগে নিজেও প্ৰকাশ কৰিছে উদয় শংকৰে। ফেচবুকত নিজৰ ফটোৰ লগতে দুৰ্ঘটনাৰ কথা উল্লেখ কৰিছে কৰিঅ’গ্ৰাফাৰজনে।

আৰু চাওক পৰৱৰ্তী বাতৰি