আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে চৰাইদেউ জিলাৰ এগৰাকী ছাত্ৰী আৰু এগৰাকী বিবাহিত মহিলা। স্কাই প্লাচ মাল্টিমিডিয়া এণ্ড চড়ক প্ৰডাকচনে শেহতীয়াকৈ নতুন দিল্লীত আয়োজন কৰা মিচ এণ্ড মিচেচ ৰয়েল ইণ্ডিয়া ইণ্টাৰনেচনেলে ২০২২ (MISS & MRS ROYAL INDIA INTERNATIONAL 2022) প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ সোণাৰিৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এলিট একাডেমি জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী ঈপ্সিতা দুৱৰাই ৷
![]()
প্ৰতিযোগিতাত ঈপ্সিতা দুৱৰাই ৰয়েল ইণ্ডিয়া ইণ্টাৰনেচনেলে ২০২২ৰ মিচ শাখাত উইনাৰ(MISS WINNER) খিতাপ দখল কৰে ৷ আনহাতে চৰাইদেউ জিলাৰ সোণাৰিৰ পূৰ্ণিমা গগৈ দিহিঙীয়াই একে প্ৰতিযোগিতাতে মিচেচ শাখাত উইনাৰ(MRS WINNER) খিতাপ দখল কৰিছে ।
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবাখনো দেশৰ ৭০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি চৰাইদেউ জিলাৰ ঈপ্সিতা দুৱৰা আৰু পূৰ্ণিমা গগৈ দিহিঙীয়াই বঁটা লাভ কৰি পৰিয়ালৰ লগতে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । ইয়াৰ পূৰ্বেও বহু প্ৰতিযোগিতা অংশগ্ৰহণ কৰি সফলতা লাভ কৰিছে দুয়োগৰাকীয়ে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|