এই কাৰণত সংঘটিত হৈছিল জনতা ভৱনৰ বি ব্লকৰ অগ্নিকাণ্ড! মুখ্য সচিবে দিলে তদন্ত

News18 Assam | News18-Assam
Updated:July 8, 2020, 5:56 PM IST
এই কাৰণত সংঘটিত হৈছিল জনতা ভৱনৰ বি ব্লকৰ অগ্নিকাণ্ড! মুখ্য সচিবে দিলে তদন্ত
এই অগ্নিকাণ্ডক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত।

এই অগ্নিকাণ্ডক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত।

  • Share this:
মঙলবাৰে সন্ধিয়া ভৱনৰ অগ্নিকাণ্ড সংঘটিত স্থান পৰিদৰ্শন কৰিলে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷ যিজন কৰ্মচাৰীৰ টেবুলৰ ওপৰত ফেনখন আছিল, সেই জন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হৈ কাৰ্যালয়লৈ অহা নাছিল ৷

ফলত ফেনখন গৰম হৈ জ্বলি তললৈ পৰি গৈছিল ৷ চকী এখন জ্বলিলে ৷ ঘটনা সন্দৰ্ভত GAD বিভাগক তদন্ত কৰিবলৈ নিৰ্দেশনা দিছো ৷ চকীদাৰয়ে কাৰ্যালয় বন্ধ কৰাৰ সময়ত ফেনখন বন্ধ কৰিব লাগিছিল ৷ এয়া গাফিলতি ৷ সংবাদ মাধ্যমক ক'লে মুখ্য সচিবে ৷
First published: July 8, 2020, 5:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি