ডিটেনচন কেম্পত মানৱ অধিকাৰ ভংগ, উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিলে অসমৰ মুখ্য সচিবে

অসম চৰকাৰে ডিটেনচন চেণ্টাৰৰ আৱাসীক চৰ্ত সাপেক্ষে মুকলি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । ইয়াতে খৰ্গহস্ত হৈ পৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

news18assam
Updated:April 25, 2019, 5:13 PM IST
ডিটেনচন কেম্পত মানৱ অধিকাৰ ভংগ, উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিলে অসমৰ মুখ্য সচিবে
অসম চৰকাৰে ডিটেনচন চেণ্টাৰৰ আৱাসীক চৰ্ত সাপেক্ষে মুকলি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । ইয়াতে খৰ্গহস্ত হৈ পৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।
news18assam
Updated: April 25, 2019, 5:13 PM IST
উচ্চতম ন্যায়ালয়ৰ পুনৰ ককৰ্থনা অসমৰ মুখ্য সচিব আলোক কুমাৰক। অৱশেষত মুখ্য সচিবৰ ক্ষমা প্ৰাৰ্থনা।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে অসমৰ ডিটেনচন চেন্টাৰৰ বন্দীৰ সন্দৰ্ভত আজি গ্ৰহণ কৰিছিল শুনানি । মানৱ অধিকাৰ কৰ্মী হৰ্ষ মাণ্ডেৰৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে শুনানি । মাণ্ডেৰে অসমৰ ডিটেনচন চেণ্টাৰসমূহত আৱাসীৰ মানৱ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ উত্থাপন কৰি কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ । আনহাতে অসম চৰকাৰে ডিটেনচন চেণ্টাৰৰ আৱাসীক চৰ্ত সাপেক্ষে মুকলি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । ইয়াতে খৰ্গহস্ত হয় ন্যায়াধীশ গগৈ । তেওঁ কয় -
যি ব্যক্তি দেশত অবৈধ ভাৱে প্ৰৱেশ কৰিছে তেওঁক কিহৰ ভিত্তিত দেশত থকাৰ অনুমতি প্ৰদান কৰিব পৰা যায় । অসম চৰকাৰে দেশৰ সংবিধানক অৱমাননা কৰিছে।
মন্তব্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। মুখ্য সচিবক উদ্দেশ্যি ন্যায়াধীশ গগৈয়ে আৰু কয় -
আপোনাৰ এই পদবীত বাহাল থকাৰ কোনো অধিকাৰ নাই। কাৰণ আপুনি আদালতৰ সন্মুখত অসাংবিধানিক আৰু আইন বহিৰ্ভূত মন্তব্য কৰিছে ।
অৱশেষত মুখ্য সচিব আলোক কুমাৰে বিচাৰপীঠৰ সন্মুখত ক্ষমা খোজে।
আৰু চাওক পৰৱৰ্তী বাতৰি