টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পত্নীসহ বুধবাৰে উপস্থিত হৈ ৰাজ্যবাসীৰ মংগল কামনাৰে বন্তি জ্বলাই শৰাই নবদ্য আগবঢ়াই ভগৱানৰ চৰণত সেৱা লয়। মুখ্যমন্ত্ৰীজনক ৰাইজে কাষত পাই যথেষ্ট আনন্দিত হৈ পৰে। মুখ্যমন্ত্ৰী ডঃ শর্মাই মাধৱদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক এই বৰনামঘৰৰ বাবে এক কোটি টকাৰ সাহাৰ্য আগবঢ়ায়।
ইপিনে টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰত উপস্থিত হৈ চাকি বন্তি জ্বলাই সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ লগতে উপস্থিত ভকত বৈষ্ণৱৰ উপস্থিতত আউনীআটী সত্ৰৰদ্বাৰা কৰ্মশিৰোমণি সন্মানেৰে বিভূষিত কৰে। তাৰ পাছতে সত্ৰৰ সমীপতে উচ্চ শিক্ষা প্ৰসাৰৰ দিশত এক যুগান্তৰ প্ৰতিশ্ৰুতি ৰূপায়ণৰ মানসেৰে যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি এক গম্ভীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ৰণোজ পেগু, যোৰহাট সাংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীকে প্ৰমুখ্য ভালেসংখ্যক নেতা কৰ্মী তথা প্ৰশাসনিক বিষয়াকৰ্মচাৰী উপস্থিত থাকে।
প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই মহাবিদ্যালয়খন আগন্তুক দুটা বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে নুন্যতম খৰচত অধ্যয়ন কৰিব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পাছতেই পাঁচটাকৈ কাৰ্যসূচী লৈ যোৰহাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা ৰাওনা হয় মৰিয়নী সমষ্টিৰ অন্তৰ্গত নকছাৰীলৈ। স্বাভাৱিকতে সমাগত উপ নিৰ্বাচনক লক্ষ্য কৰি সম্প্ৰতি মৰিয়নি সমষ্টিত শাসকীয় বিজেপি দলে ইতিমধ্যে বহুকেইটা উন্নয়নমুলক আঁচনি ইতিপূৰ্বে আধাৰশিলা কৰিছে।
আজি মুখ্যমন্ত্ৰী গৰাকীয়ে যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ শিলান্যাস অনুষ্ঠানতো মৰিয়নি সমষ্টিৰ বাবে হাতত লোৱা কেতবোৰ আচনিৰ কথা সদৰী কৰে। ভাষণ প্ৰসংগত তেওঁ কয় - মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বিজেপিলৈ গমন কৰা ৰূপজ্যোতি কুৰ্মীৰ দাবীৰ প্ৰতি সহাৰি জনাই মৰিয়নি সমষ্টিত যোৰহাটৰ চৰকাৰী আইন মহাবিদ্যালয় খন প্ৰতিষ্ঠাৰ সিদ্ধান্ত লয়। একেদৰে ঐতিহাসিক ধোদৰ আলি অসম মালা আঁচনিৰ অধীনত শীঘ্ৰে নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্তব্য কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|