CM Himanta Biswa Sarma : প্ৰায় ৭০০ মাদ্ৰাছা বন্ধ কৰা হৈছে, বাকী মাদ্ৰাছাবোৰ নাৰ্ছিং স্কুল, ইঞ্জিনীয়াৰিং কলেজলৈ ৰূপান্তৰ কৰা হ'ব, News18ত হিমন্ত বিশ্ব শৰ্মা
CM Himanta Biswa Sarma : প্ৰায় ৭০০ মাদ্ৰাছা বন্ধ কৰা হৈছে, বাকী মাদ্ৰাছাবোৰ নাৰ্ছিং স্কুল, ইঞ্জিনীয়াৰিং কলেজলৈ ৰূপান্তৰ কৰা হ'ব, News18ত হিমন্ত বিশ্ব শৰ্মা
CM Himanta Biswa Sarma : হিমন্ত বিশ্ব শৰ্মাই কয় যে মাদ্ৰাছা শিক্ষাই মৌলবীৰ সৃষ্টি কৰে, ডাক্তৰ-ইঞ্জিনীয়াৰ সৃষ্টি নকৰে। এতিয়া যদি অসমৰ মুছলমান সমাজৰ পৰা অধিক ডাক্তৰ-ইঞ্জিনীয়াৰ ওলায় তেন্তে ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে।

অসমত বিজেপি (BJP Govt) চৰকাৰ অহাৰ পিছতে বন্ধ হৈছে প্ৰায় ৭০০ মাদ্ৰাছা (Madrasa)। এই মাদ্ৰাছাসমূহক সাধাৰণ স্কুললৈ পৰিণত কৰা হৈছে। বাকী যিবোৰ মাদ্ৰাছা আগন্তুক দিনত পৰ্যায়ক্ৰমে বন্ধ হ'ব সেইবোৰ নাৰ্ছিং স্কুল, ইঞ্জিনীয়াৰিং কলেজলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা আছে। News18ৰ চৌপাল অনুষ্ঠানত এই মন্তব্য মুখ্যমন্তৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma )ৰ।
হিমন্ত বিশ্ব শৰ্মাই কয় যে মাদ্ৰাছা শিক্ষাই মৌলবীৰ সৃষ্টি কৰে, ডাক্তৰ-ইঞ্জিনীয়াৰ সৃষ্টি নকৰে। এই ব্যৱস্থাৰ বাবে মুছলমান ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মৌলিক অধিকাৰ খৰ্ব হৈ আছিল। এতিয়া যদি অসমৰ মুছলমান সমাজৰ পৰা অধিক ডাক্তৰ-ইঞ্জিনীয়াৰ ওলায় তেন্তে ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে। মাদ্ৰাছাত পঢ়া ছাত্ৰ-ছাত্ৰীৰ মনৰ কথা শুনি তেওঁলোকৰ ৰায় লৈ এই সিদ্ধান্ত লোৱা হৈছিল।
একে সময়তে আমাক মিয়া ভোট নালাগে বুলি কৰা মন্তব্যক লৈ সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই বিচাৰিলেই তেওঁলোকে (বিজেপিক) ভোট দিব নেকি? কিন্তু এটা সময়ত এনে এটা পৰিবেশ হ'ব যে তেওঁলোকে আমাকো ভোট দিব।
CAA প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী গৰকীয়ে কয়, "ভাৰতত হিন্দু সভ্যতা আছিল আৰু হিন্দু সভ্যতা থাকিব। য'তেই হিন্দু সম্প্ৰদায়ৰ লোক পীড়িত হ'ব, ধৰ্মীয় অত্যাচাৰৰ বলি হয়, তেওঁলোকৰ মাতৃভূমিলৈ ঘূৰি অহাৰ অধিকাৰ থাকিব লাগে। সেইকাৰণে মই সদায় নাগৰিকত্ব সংশোধনি আইন (CAA)ৰ সমৰ্থন কৰোঁ।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "মমতা দিদীয়ে বাংলাদেশৰ বঙালী হিন্দুসকলক আদৰণি নজনাব পাৰে, কিন্তু তেওঁ তেওঁৰ ভায়েকৰ কথা শুনিব লাগিব। বায়েকসকলে ভায়েকৰ কথা শুনেই, ভায়েকসকলে কিন্তু বায়েকৰ কথা নুশুনে। 2014 হৈছে CAAৰ কাটঅফ সময়, যিটো মই নিৰ্ধাৰণ কৰা নাছিলোঁ, কিন্তু মই বিশ্বাস কৰোঁ যে হিন্দুসকলে এশ বা পঞ্চাশ বছৰ পাছতো ভাৰতলৈ অহাৰ অধিকাৰ থাকিব লাগে।"