உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Magh Bihu Celebration: মেজিৰ তাপ লৈ অসমবাসীক ভোগালীৰ শুভেচ্ছা দিলে বৰষাই, আৰু কোনে কেনেদৰে পালন কৰিলে মাঘ বিহু

    Magh Bihu Celebration: মেজিৰ তাপ লৈ অসমবাসীক ভোগালীৰ শুভেচ্ছা দিলে বৰষাই, আৰু কোনে কেনেদৰে পালন কৰিলে মাঘ বিহু

    ফটো-FB/Barsha Rani Bishaya

    ফটো-FB/Barsha Rani Bishaya

    Magh Bihu Celebration: বৰষা ৰাণীৰ বিষয়াৰ পৰা দীপলীনা ডেকালৈ সকলোৱে অসনবাসীক জনাইছে ভোগালী বিহুৰ শুভেচ্ছা।

    • Share this:
    সমগ্ৰ ৰাজ্য আজি ভোগালী বিহুৰ আনন্দ-উলাহত মচগুল হৈ আছে। অসমৰ ছবি আৰু সংগীত জগতৰ তাৰকাসকলেও আজি পুৱাতেই মেজি জ্বলাই অগ্নি দেৱক সেৱা জনাই অসম অৰু অসমীয়াৰ মংগল কামনা কৰে। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই স্বামী ভাস্কৰৰ সৈতে মেজি জ্বলাই মাঘৰ বিহু উদযাপন কৰে। মেজিৰ জুইৰ তাপ লৈ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনায় বৰষা ৰাণী বিষয়াই।



    সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনালে কণ্ঠশিল্পী দীপলীনা ডেকাই।




    ছচিয়েল মিডিয়াযোগে অসমবাসীক ভোগালীৰ শুভেচ্ছা জনাইছে জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰই। আচু্ৰ্যই নিজৰ ইনষ্টাগ্ৰামত লিখিছে, "আমাৰ কৃষ্টি আমাৰ গৌৰৱ। অসমীয়া হিচাপে আমি তাতেই ভোগালী। দিনবোৰ হাঁহি-ফুৰ্ত্তিৰে ভোগালী হওক তাৰেই কামনা কৰিলোঁ। ভোকৰ শেষ হওক।ভোগালী বিহুৰ ওলগ জনালোঁ।"




    উল্লেখ্য যে কোভিড বিধি পালন কৰি এইবাৰ অসমবাসীয়ে পালন কৰিছে হেঁপাহৰ ভোগালী বিহু।
    Published by:Manjumoni Borah
    First published: