আজি লাচিত দিৱস, জালুকবাৰীত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰীয়ে

News18-Assam
Updated:November 24, 2019, 1:32 PM IST
আজি লাচিত দিৱস, জালুকবাৰীত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰীয়ে
লাচিত দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ৰক্তদান শিৱিৰো

লাচিত দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ৰক্তদান শিৱিৰো

  • Share this:
আজি লাচিত দিৱস। দেওবাৰৰ লাচিত দিৱসৰ দিনটো উলহ মালহেৰে পালন কৰে
স্বেচ্ছাসেৱী সংগঠন ৰেইজডে। ৰেইডৰ উদ্যোগত জালুকবাৰীৰ লাচিত উদ্যানত পালন কৰা হয় লাচিত দিৱস। ৰেইডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জালুকবাৰীত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী সোণোৱালে। লাচিত বৰফুকনৰ আদৰ্শৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লাচিত উদ্যানত অনুষ্ঠিত লাচিত দিৱসৰ অনুষ্ঠানত স্থানীয় ৰাইজ, শিক্ষাৰ্থী, কণ কাণ শিশু, প্ৰশাসনৰ লোকৰ উপস্থিত থাকে। দেওবাৰৰ এই বিশেষ দিনটোতে উদ্যোক্তা সকলে অনুষ্ঠিত কৰে ৰক্ত দানৰ শিবিৰো।
আৰু চাওক
পৰৱৰ্তী বাতৰি