Cash For Result! মেট্ৰিক–হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ, কামৰূপৰ IS কাৰ্যালয়ত আৰক্ষীৰ অভিযান

News18 Assam | News18-Assam
Updated:July 18, 2021, 9:31 AM IST
Cash For Result! মেট্ৰিক–হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ, কামৰূপৰ IS কাৰ্যালয়ত আৰক্ষীৰ অভিযান
অভিযুক্ত দোস্ত হবিবৰ ৰহমান আৰু আক্কাছ আলী আহমেদ

ধনৰ বিনিময়ত মেট্ৰিক পৰীক্ষাৰ প্ৰথম বিভাগ, ষ্টাৰ, ডিষ্টিংচন, স্থান নিৰ্ধাৰণৰ গুৰুতৰ অভিযোগ।

  • Share this:
কামৰূপৰ IS অফিচত কামৰূপ আৰক্ষীৰ বৃহৎ অভিযান। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ৷ মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেনৰ অভিযোগ উত্থাপিত হৈছে। ধনৰ বিনিময়ত মেট্ৰিক পৰীক্ষাৰ প্ৰথম বিভাগ, ষ্টাৰ, ডিষ্টিংচন, স্থান নিৰ্ধাৰণৰ গুৰুতৰ অভিযোগ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে মূল্যায়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ৪ ঘণ্টা ধৰি অভিযান চলালে কামৰূপ আৰক্ষীৰয়ে।

অভিযানত সোধা–পোছাৰ বাবে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিয়া হয় কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক  ফুলপাহী নাথ, কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাসৰ লগতে আন এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতাক।

অভিযান কালত কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও লেপটপ, মোবাইল ফোন আৰু বহুতো নথি–পত্ৰ।

দক্ষিণ কামৰূপৰ গৰৈমাৰীতো ছয়গাঁও আৰক্ষীয়ে চলাইছে এই অভিযান৷ অভিযানত বহু আপত্তিজনক নথি-পত্ৰ জব্দ ছয়গাঁও আৰক্ষীৰ৷ আৰক্ষীয়ে আটক কৰিছে গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদক৷ আটক গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবৰ ৰহমানকো৷ ফলাফল ঘোষণা কৰাত ধনৰ লেনদেন কৰাৰ অভিযোগ দুয়োগৰাকী বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে৷
Published by: Sanjay Kumar Das
First published: July 18, 2021, 9:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি