• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam News Today | Cabinet Meeting : আজি বঙাইগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেটৰ বৈঠক, দুদিনৰ ভ্ৰমণ সূচীৰে মুখ্যমন্ত্ৰী যাব বঙাইগাঁৱলৈ

Assam News Today | Cabinet Meeting : আজি বঙাইগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেটৰ বৈঠক, দুদিনৰ ভ্ৰমণ সূচীৰে মুখ্যমন্ত্ৰী যাব বঙাইগাঁৱলৈ

file image

file image

Assam Cabinet Meeting, Himanta Biswa Sarma : আজি প্ৰায় ১০ বজাত বঙাইগাঁৱত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী উপস্থিত হ'ব বঙাইগাঁৱত

  • Share this:
ধেমাজিৰ পিছত দিছপুৰৰ বাহিৰত আজি বঙাইগাঁৱ (Bongaigaon)ত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেটৰ বৈঠক (Cabinet Meeting)। ইতিমধ্যে কেবিনেটৰ কেইবাগৰাকীও মন্ত্ৰী মঙলবাৰে বঙাইগাঁৱত উপস্থিত হৈছে। আজি প্ৰায় ১০ বজাত বঙাইগাঁৱত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী উপস্থিত হ'ব বঙাইগাঁৱত Assam News Today ।

মুখ্যমন্ত্ৰী শৰ্মা হেলিকপ্তাৰ যোগে বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছত প্ৰথমেই ভাগ ল'ব উপায়ুক্ত কাৰ্যালয়ত আয়োজন কৰা লাচিত দিৱস (Lachit Divas)ৰ কাৰ্যসূচীত ৷ অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ বীৰজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয় (Bongaigaon DC Office)ৰ সভাকক্ষত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব ।

কেবিনেট বৈঠকৰ পিছতে দিনৰ ২:৩০ বজত চিলাৰায় বজাৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে দিনৰ ২:৫০ বজাত দেউৰীপাৰাত বায়ফ্লোক ইউনিট এটা উদ্বোধন কৰিব ৷ বিয়লি ৩:৪০ বজাত মাজগাঁৱত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে। আনহাতে আবেলি ৪:১৫ বজাত পাগলাস্থানত মুখ্যমন্ত্ৰীয়ে ক্লেক টাৱাৰৰ উদ্বোধন কৰিব ৷ আবিলি ৪:৪৫ বজাত খাৰিজা দোলাইগাঁৱত এফোৰ্ডেবল হাউচিং পাৰ্টনাৰশ্বিপৰ (AFFORDABLE HOUSING PARTNERSHIP ) আধাৰ শিলা স্থাপন কৰিব। সন্ধিয়া ৫:২০ বজাত উত্তৰ বঙাইগাঁৱস্থিত পৰিৱেশ উদ্যানত থকা একুৰিয়াম গৃহৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ৷ নিশা ৮ বজাৰ পৰা ৯ বজালৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিবৰ্গক বঙাইগাঁও আৱৰ্ত ভৱনত সাক্ষাৎ কৰিব Latest News in Assamese ৷

মুখ্যমন্ত্ৰীয়ে আৱৰ্ত ভৱনতে আজি নিশা যাপন কৰাৰ পিছত কাইলৈ বৃহস্পতিবাৰে কেইবাটাও BJPৰ দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ৷ ২৫ নৱেম্বৰত বৰপাৰাস্থিত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় উদ্বোধন কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ এখন বৈঠকত তেঁও অংশ ল’ব ৷ ইয়াৰ উপৰি বিজেপিৰ বুথ কমিটিৰ সভা, সাংঠনিক সভাতো অংশ স'ব মুখ্যমন্ত্ৰীয়ে।

ইপিনে কেবিনেট বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি আজি বঙাইগাঁৱত যান-বাহন চলাচলৰ বিশেষ নিৰ্দেশনা ৷ পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ চহৰখনত গধূৰ যান-বাহনৰ প্ৰৱেশ নিষেধ কৰা হৈছে ৷ আনহাতে লঘু যান-বাহনসমুহৰো গতিপথ সাল সলনি কৰা হৈছে ৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে এই কথা জনায়৷
Published by:Manjumoni Borah
First published: