মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Cabinet: ৰাজেন গোহাঁইক কেবিনেট আৰু ড০ ননী গোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা

Assam Cabinet: ৰাজেন গোহাঁইক কেবিনেট আৰু ড০ ননী গোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা

News18 Assam | News18-Assam
Updated:July 22, 2021, 4:48 PM IST
Assam Cabinet: ৰাজেন গোহাঁইক কেবিনেট আৰু ড০ ননী গোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা
ননী গোপাল মহন্তক শিক্ষা বিভাগ আৰু ৰাজেন গোহাঁইক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গুৰুদায়িত্ব দিয়া হৈছে।

ননী গোপাল মহন্তক শিক্ষা বিভাগ আৰু ৰাজেন গোহাঁইক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গুৰুদায়িত্ব দিয়া হৈছে।

  • Share this:

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আয়োজিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ শিক্ষা, বন, জলজীৱন মিছন, PM কৃষি নিধিৰ পৰা আৰম্ভ কৰি বহুকেইটা বিভাগৰ ওপৰত লোৱা সিদ্ধান্তৰ বাহিৰেও এজনক কেবিনেট মন্ত্ৰী আৰু এজনক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা দিয়া হয়৷


গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়াৰ লগতে অধ্যাপক মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়।


স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলত প্ৰকাশ কৰা মতে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইকো নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ৰাজেন গোহাঁইক কেবিনেটৰ মৰ্যাদা প্ৰদান কৰা হৈছে।

Published by: Gautam Barman
First published: July 22, 2021, 4:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি