কোভিড নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীভূত ব্যৱস্থাৰ পৰিৱৰ্তে জিলা ভিত্তিত বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ পোষকতা ৰণজিৎ কুমাৰ দাসৰ ৷ মূল্য বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীক দাখিল কৰিব প্ৰতিবেদন।
কোভিড নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীভূত ব্যৱস্থাৰ পৰিৱৰ্তে জিলা ভিত্তিত বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ পোষকতা ৰণজিৎ কুমাৰ দাসৰ ৷ মূল্য বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীক দাখিল কৰিব প্ৰতিবেদন।
বৰপেটাত কোভিড পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজি বৰপেটা জিলাৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে। কোভিড নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীভূত নিয়ন্ত্ৰণ ব্যৱস্থাৰ পৰিৱৰ্তে জিলা ভিত্তিত বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ পোষকতা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ অধীনত প্ৰতিগৰাকী কোভিড পজিটিভ ৰোগীৰ সৈতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীক টেলিফোনযোগে নিয়মীয়া যোগাযোগ ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷
পোনে পোনে বৰপেটা সত্ৰলৈ যোৱা মন্ত্ৰীগৰাকীয়ে কোভিড প্ৰটক'ল মানি চৌহদৰ বাহিৰৰ পৰাই সত্ৰত সেৱা জনায় ৷ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত বৰপেটা সত্ৰই গ্ৰহণ কৰা বিধি-ব্যৱস্থাত সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সত্ৰ পৰিচালনা সমিতিৰ বিধি-ব্যৱস্থাক সন্মান জনাই মন্ত্ৰীগৰাকীয়ে নিজেও সত্ৰৰ ভিতৰত প্ৰৱেশৰ পৰা বিৰত থাকে ৷
পাছত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ বাসগৃহত উপস্থিত হৈ সত্ৰীয়াগৰাকীৰ পৰা আশিস গ্ৰহণ কৰে ৰণজিৎ কুমাৰ দাসে ৷
ইপিনে ৰাজ্যত ১৭ দিনৰ খাদ্য সামগ্ৰী মজুত আছে বুলি সদৰী কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷
খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পাচলিৰ বজাৰ যোগান মন্ত্ৰীৰ নিয়ন্ত্ৰণত নাথাকে ৷
পাচলিৰ ব্যৱসায়ত পাইকাৰী আৰু খুচুৰা বিক্ৰেতাতকৈ মধ্যভোগী অধিক লাভান্বিত হয় বুলি মন্তব্য কৰি ইয়াৰ আঁৰৰ ৰহস্য কি,সেই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিয়ে ৷
আনহাতে কৃষকৰ উৎপাদিত পাচলিৰ যাতে উচিত মুল্য পায় সেই সম্পৰ্কে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস ৰণজিৎ কুমাৰ দাসৰ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|