• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম কেবিনেট বৈঠকত মিছন বসুন্ধৰা ২.০ সহ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম কেবিনেট বৈঠকত মিছন বসুন্ধৰা ২.০ সহ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

গুৱাহাটী চহৰ, পৌৰসভা আৰু ৰাজহ চহৰ আৰু গ্ৰামাঞ্চলত গৃহভূমি আৰু খেতিৰ বাবে ভূমিৰ প্ৰিমিয়ামৰ হাৰ এককালীন পদক্ষেপ হিচাপে যুক্তিসংগতকৰণ।

গুৱাহাটী চহৰ, পৌৰসভা আৰু ৰাজহ চহৰ আৰু গ্ৰামাঞ্চলত গৃহভূমি আৰু খেতিৰ বাবে ভূমিৰ প্ৰিমিয়ামৰ হাৰ এককালীন পদক্ষেপ হিচাপে যুক্তিসংগতকৰণ।

গুৱাহাটী চহৰ, পৌৰসভা আৰু ৰাজহ চহৰ আৰু গ্ৰামাঞ্চলত গৃহভূমি আৰু খেতিৰ বাবে ভূমিৰ প্ৰিমিয়ামৰ হাৰ এককালীন পদক্ষেপ হিচাপে যুক্তিসংগতকৰণ।

  • Share this:
শনিবাৰ ২৯ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ এক কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্তসমূহ হ’ল–

মিছন বসুন্ধৰা ২.০

পূর্বে ডিজিটাইজ নোহোৱা নিম্নলিখিত ভূমি সম্পৰ্কীয় সেৱাৰ সৈতে মিছন বসুন্ধৰা ২.০-ৰ আৰম্ভণি পৰ্যায়ক্রমিক পট্টাধাৰীক স্থায়ী, উত্তৰাধিকাৰ সুত্ৰে আৰু হস্তান্তৰযোগ্য অধিকাৰ প্ৰদান কৰাৰ লক্ষ্যৰে ইতিমধ্যে মূল বার্ষিক পট্টাধাৰীৰ পৰা যোগ্য অধিকাৰীলৈ হস্তান্তৰ হোৱাসকলক ভূমি নীতি, ২০১৯ অনুসৰি পৰ্যায়ক্রমিক পট্টা প্ৰদান কৰি বাৰ্ষিক পট্টা ভূমিৰ নিষ্পত্তি।

ভিলেজ গ্রেজিং ৰিজার্ভ আৰু প্ৰফেছনেল গ্রেজিং ৰিজাৰ্ভ ভূমি নিষ্পত্তিৰ হেতু গৃহস্থভূমিৰ ১ বিঘালৈকে নির্বাচিত শ্ৰেণীৰ যোগ্য দখলদাৰসকললৈ পৰ্যায়ক্রমিক পট্টা ভূমি (ভি জি আৰ পি জি আৰ সংৰক্ষণমুক্ত কৰাৰ পাছত আৰু ভি জি আৰ/পি জি আৰ হিচাপে সমতুল্য পৰিমাণৰ ভূমি সংৰক্ষণৰ পাছত)

অসম (অস্থায়ীভাৱে বসতি স্থাপন কৰা এলেকা) ভাৰাতীয়া আইন, ১৯৭১ অনুসৰি দখলকাৰী ভাৰতীয়াসকলক (বায়ত) মালিকীস্বত্বৰ অধিকাৰ প্ৰদান।

ভূমি নীতি, ২০১৯ অনুসৰি যোগ্য ব্যক্তিসকলৰ বাবে চৰকাৰী ‘খাছ' ভূমি আৰু ‘চিলিং ছাৰপাছ’ ভূমিৰ নিষ্পত্তিকৰণ।

জনজাতীয় লোকক স্থায়ী, উত্তৰাধিকাৰ সুত্ৰে আৰু হস্তান্তৰযোগ্য অধিকাৰ প্ৰদানৰ হেতু ভূমি নীতি, ২০১৯ শিথিলকৰণেৰে ৫০ বিঘালৈকে বংশগত ভূমিৰ নিষ্পত্তিকৰণ।

ভূমি নীতি, ২০১৯ অনুসৰি থলুৱা খেতিয়কক বিশেষ খেতি (চাহ, কফী, বৰ ইত্যাদি)ৰ বাবে ভূমি নিষ্পত্তি।

ভূমি ৰাজহ, স্থানীয় কৰ, অন্যান্য মাচুলৰ অনলাইন পৰিশোধৰ হেতু ই-খাজনাৰ প্ৰৱৰ্তন সমগ্র অসমত সংঘবদ্ধ ভূমি হস্তান্তৰৰ বাবে স্বয়ংক্রিয় নামজাৰি ব্যৱস্থাৰ প্রৱর্তন।

মিছন বসুন্ধৰাক উন্নীত কৰিবলৈ ভূমি নীতি সংশোধন–

খিলঞ্জীয়া ব্যক্তিৰ সংজ্ঞা অন্তৰ্ভুক্ত কৰাৰ বাবে ভূমি নীতি, ২০১৯ সংশোধনেৰে বংশানুক্রমিক ভূমি, জনজাতীয় সম্প্ৰদায়ৰ বংশানুক্রমিক ভূমি নিষ্পত্তিৰ ব্যৱস্থা। ৩১ ডিচেম্বৰ ২০২৩ লৈকে কাৰ্যকৰী হোৱাকৈ মিছন বসুন্ধৰা ২.০-ৰ অধীনত এককালীন ব্যৱস্থা হিচাপে যোগ্য অধিকাৰীসকলক ভি জি আৰু আৰু পি জি আৰ ভূমি নিষ্পত্তিৰ লগতে উপ-বিভাগীয় ভূমি উপদেষ্টা সমিতিৰ পুনর্গঠন।

গুৱাহাটী চহৰ, পৌৰসভা আৰু ৰাজহ চহৰ আৰু গ্ৰামাঞ্চলত গৃহভূমি আৰু খেতিৰ বাবে ভূমিৰ প্ৰিমিয়ামৰ হাৰ এককালীন পদক্ষেপ হিচাপে যুক্তিসংগতকৰণ।

ভূমি সম্পৰ্কীয় সেৱাৰ বাবে আধাৰ প্রামাণীকৰণ।

সেৱাৰ গুণগত আৰু সময়সীমা নিশ্চিত কৰিবলৈ বিধিগত কৰ্তব্য, আইন-শৃংখলা, নির্বাচন, দুর্যোগ ব্যৱস্থাপনা, লোকপিয়ল আদিৰ বাহিৰে অন্যান্য কৰ্তব্যৰ পৰা চক্ৰ বিষয়াসকলক মুক্ত কৰা হ'ব।

মিছন ৰূপায়ণৰ বাবে প্ৰায় ৩২৮.১৯ কোটি টকাৰ অনুমোদন।

অসম লোকসেৱা অধিকাৰ প'ৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ ১০টা সেৱা অব্যাহত ৰখা হ'ব।

মৰাণ আৰু মটক সম্প্ৰদায়ৰ কল্যাণ–

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত মৰাণ (ক্ৰমিক নম্বৰ ১৪) আৰু মটক (ক্ৰমিক নম্বৰ ৩৩) সম্প্রদায়ক সুকীয়াকৈ তালিকাভুক্তকৰণ।

বৰ্তমানলৈ মৰাণ আৰু মটক সম্প্রদায় একেলগে ক্ৰমিক নম্বৰ ১৪ত তালিকাভুক্ত হৈ আছিল।

‘লিহু’ক ‘লিম্বু' নামেৰে নামকৰণ–

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাৰ লগতে কেন্দ্ৰীয় তালিকাত ‘লিহু’ৰ নাম সলনি কৰি 'লিম্বু' হিচাপে নামকৰণ

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত যদিও লিহু সম্প্রদায়ক নেপালী সম্প্ৰদায়ৰ এটা উপ-জাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, তথাপি নেপালী সম্প্ৰদায়ৰ অধীনত কোনো ‘লিহু’ উপ-জাতি নাই।

‘ভূজেল' নেপালী জনগোষ্ঠীৰ এটা উপ-জাতি–

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত নেপালী জনগোষ্ঠীৰ উপ-জাতি হিচাপে স্বীকৃতি দিয়া হ'ব ভূজেলসকলক।

ইয়াৰ দ্বাৰা নেপালী জনগোষ্ঠীৰ ৰায়, লিম্বু, মগৰ, থাপা আৰু গুৰুং উপ-জাতিৰ দৰে একে মর্যাদা থকা ভূজেল উপ-জাতিৰ আৰ্থ-সামাজিক বিকাশ সুনিশ্চিত হ'ব।

কাঠভিত্তিক উদ্যোগৰ প্ৰসাৰ–

অসম কাঠভিত্তিক উদ্যোগ (প্ৰসাৰ আৰু উন্নয়ন) নিয়মাৱলী, ২০২২ত অনুমোদন।

কাঠভিত্তিক উদ্যোগক প্রাথমিক, আনুসংগিক আৰু সংমিশ্রিত উদ্যোগ হিচাপে শ্রেণীভুক্ত কৰা হ'ব।

প্ৰাথমিক আৰু সংমিশ্রিত উদ্যোগসমূহ অনুজ্ঞাপত্ৰৰ সৈতে ঔদ্যোগিক পামৰ ভিতৰত স্থাপন হ'ব লাগিব

আনুসংগিক উদ্যোগৰ ক্ষেত্ৰত পঞ্জীয়ন প্রয়োজন। ঔদ্যোগিক পামৰ ভিতৰত স্থাপনৰ প্ৰয়োজন নাই।

আগৰ তেল নিষ্কাশন ইউনিটৰ বাবে চাৰ্কল পৰ্যায়ত পঞ্জীয়নৰ ব্যৱস্থা।

কেঁচামালৰ নিশ্চিত যোগানৰ লগতে কৃষকসকলৰ বাবে নিশ্চিত আয় বৃদ্ধিৰ যৌথ লক্ষ্যত উপনীত হ'বলৈ কাঠভিত্তিক উদ্যোগৰ দ্বাৰা 'কেপটিভ প্লেনটেচন' গঢ়ি তোলাৰ ধাৰণা।

অনুজ্ঞাপত্ৰ হস্তান্তৰ বিক্ৰী পঞ্জীয়ন উত্তৰাধিকাৰ আদিৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰা হ'ব ৰাজ্যিক পৰ্যায়ৰ সমিতি/পঞ্জীয়ন সমিতিৰ যিকোনো আদেশৰ বিৰুদ্ধে আপীল অসম চৰকাৰৰ অধীনত থাকিব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি