মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ জানো আহক সিদ্ধান্তসমূহ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ জানো আহক সিদ্ধান্তসমূহ

২৮৯খন অচল আইন বাতিলৰ বাবে অসম বিনিয়োজন আইন (বাতিল) বিধেয়ক, ২০২২ত অনুমোদন।

২৮৯খন অচল আইন বাতিলৰ বাবে অসম বিনিয়োজন আইন (বাতিল) বিধেয়ক, ২০২২ত অনুমোদন।

  • Share this:
মঙ্গলবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত আগন্তুক বর্ষৰ মাতৃ-পিতৃ বন্দনা কার্যসূচীৰ বাবে বিশেষ নৈমিত্তিক ছুটী, শেহতীয়া কমনৱেলথ গেমছত স্বর্ণপদকপ্রাপক শ্রীমতী নয়নমণি শইকীয়ালৈ উপ-আৰক্ষী অধীক্ষক পদ, অসম চৰকাৰৰ চিন্তন শিবিৰ, কাৰিকৰী শিক্ষাত নতুন পদক্ষেপ, অচল আইন বাতিলকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। এই সিদ্ধান্তসমূহ এনেধৰণৰ-

মাতৃ-পিতৃ বন্দনাৰ হেতু বিশেষ নৈমিত্তিক ছুটীঃ

  • ৰাজ্যিক কৰ্মচাৰীসকলে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ত বিশেষ নৈমিত্তিক ছুটীৰ লগতে ১২ ফেব্ৰুৱাৰী দেওবাৰে বন্ধৰ দিন লাভ কৰিব।

  • এই সময় লাভেৰে কৰ্মচাৰীসকলে নিজৰ জীৱিত পিতৃ-মাতৃ/শহুৰ-শাহুৰ সৈতে সময় অতিবাহিত কৰিব পাৰিব।


নয়নমণি শ‍ইকীয়াক উপ-আৰক্ষী অধীক্ষক পদবীঃ

  • শেহতীয়া বার্মিংহাম কমনৱেলথ গেমছত স্বর্ণ পদকপ্রাপক নয়নমণি শ‍ইকীয়াক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে অসম সংহত ক্রীড়া নীতি ২০১৭-১৮ (সংশোধনী মৰ্মে)ৰ অধীনত নিযুক্তি। লগতে ফৰেষ্ট কামাণ্ডেন্ট সন্মানেৰে সন্মানিত কৰাৰ ওপৰিও ৫০ লাখ টকা আগবঢ়াব চৰকাৰে। ৩ ছেপ্টেম্বৰ তাৰিখ 'অভিৰুচি ক্ৰীড়া দিৱস'ৰ দিনা এই উপহাৰ প্ৰদান কৰিব।

  • তেখেতৰ কৃতিত্বক স্বীকৃতিৰ লগতে যুৱ সমাজক ক্রীড়াক কেৰিয়াৰ হিচাপে লোৱাত উৎসাহিত কৰাৰ হেতু এই পদক্ষেপ।


কাৰিকৰী শিক্ষা খণ্ডলৈ উৎসাহঃ

  • চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু আই টি আইসমূহক উৎকর্ষ কেন্দ্ৰ হিচাপে উন্নীতকৰণ।

  • ২৭ খন জিলাৰ ৩৯ খন আই টি আই আৰু ১৯ খন জিলাৰ ২২খন পলিটেকনিক প্ৰতিষ্ঠানত ৩০৭.২২ কোটি ব্যয়েৰে কাৰখানা আৰু প্ৰযুক্তি পৰীক্ষাগাৰ নিৰ্মাণ।


অচল আইন বাতিলঃ

  • ১২ ছেপ্টেম্বৰ ২০২২ৰ পৰা অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী বিধানসভা অধিবেশনত অসম বাতিল বিধেয়ক, ২০২২ দাখিলৰ জৰিয়তে বাতিল হ'ব ২৭খন অচল আইন।


বাতিল হ'বলগীয়া বিভিন্ন বিভাগৰ আইনসমূহ এনেধৰণৰ-

  • কৃষি: Assam Agricultural Pests and Diseases Act 1950. Assam Agriculturist Loans (Extension to United Khasi, Jaintia Hills District) Act 1963, Assam Dadans Act 1944, Assam Debt. Conciliation Act 1936

  • পশুপালন আৰু পশু চিকিৎসা: Assam Cattle Diseases Act 1948

  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ: Bengal Vaccination Act 1880, Assam Drugs (Control) Act 1950, Assam Kala-Azar Treatment Act 1949, Rural Health Regulatory Authority Act 2004

  • গৃহ আৰু নগৰ পৰিক্ৰমা: Assam Apartments (Construction and Transfer of Ownership) Act 2006, Assam Development Authorities Act 1964, Assam Municipal (Validation of Election) Act 1957, Assam Non-Agricultural Urban Areas Tenancy Act 1955, Assam Urban Immovable Property Tax Act 1969, Guwahati Non-Bio-Degradable Garbage (Control and Prevention) Act 2006

  • পৰিৱেশ আৰু বন: Assam National Parks Act 1968, Assam Rhinoceros Preservation Act 1954

  • আবকাৰী: Assam Excise (Extension to Mizo) District Act 1961

  • মীন: Assam Excise (Extension to Mizo) District Act 1961

  • উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান: Assam Cement Control Act 1953, Assam Handicraft Artisan Welfare Fund Act 1998, Assam State Industrial Relief Undertakings (Special Provision) Act 1984

  • বিত্ত: Assam Industries (Sales Tax Concessions) Act 1986

  • তথ্য আৰু জনসংযোগ: Lusai Hills) Act 1954

  • শ্রমিক কল্যাণ: Assam Shramik Bahini Act 1959

  • ভূমি সংৰক্ষণ: Sylhet Jhum Regulation 1891


ভূদান আৰু গ্ৰামদান ভূমি-বেদখল ৰোধৰ পদক্ষেপঃ

  • অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ, ১৮৮৬ ভূদান আৰু গ্ৰামদান ভূমিত অবিৰত বেদখল প্ৰতিৰোধ কৰিবলৈ সংশোধন।


সংশোধনেৰে অন্তর্ভুক্ত-

• চৰকাৰলৈ অসম ৰাজ্যিক ভূদান গ্ৰামদান ব'ৰ্ডৰ নিয়ন্ত্রণাধীন ন্যস্ত ভূমি।

• অনুদানদাতাসকলক অধিকাৰ প্ৰদান।

• অসম গ্ৰামদান আইন, ১৯৬১ আৰু অসম ভূদান আইন, ১৯৬৫ বাতিল।

সংশোধনেৰে সক্ষম কৰিব-

• প্রাতিষ্ঠানিক আৰু আন্তঃগাঁথনিমূলক প্রকল্প, থলুৱা/কুটীৰ উদ্যোগৰ বিকাশ আদিৰ বাবে চৰকাৰী ভূমিলৈ ৰূপান্তৰৰ পাছত ভূদান ভূমিৰ সৰ্বোত্তম/ন্যায়সংগত ব্যৱহাৰ।

• বিদ্যমান ভূমি বেংকসমূহ একত্ৰিত কৰি ভূদান/ গ্ৰামদান ভূমি নিয়মীয়াকৰণৰ সুবিধা প্ৰদান।

• অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ, ১৮৮৬ (নিষ্পত্তি নিয়ম) আৰু ভূমি নীতি, ২০১৯ অনুসৰি ভূদান/গ্রামদান ভূমিত থলুৱা অধিবাসীসকলৰ নিষ্পত্তিকৰণ।

• অবিৰত বেদখল / ভূমি দখল/অবৈধ হস্তান্তৰ আদিৰ ক্ষেত্ৰত শাস্তিমূলক/আইনী ব্যৱস্থা ল'বলৈ ভূদান/গ্রামদান ভূমিৰ ৰক্ষক হিচাপে চৰকাৰক অনুমোদন।

চিন্তন শিবিৰঃ

  • ২৪-২৬ ছেপ্টেম্বৰ ২০২২ত মুখ্যমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব চিন্তন শিবিৰ। এই শিবিৰত কেবিনেট মন্ত্রী, প্রায় ৫৭টা বিভাগৰ জ্যেষ্ঠ সচিবসকলে অংশগ্রহণ কৰিব।

  • ই বিভিন্ন অমীমাংসিত বিষয়ত আলোচনা আৰু সমস্যাবোৰৰ মোকাবিলা কৰাত ভৱিষ্যৎ পৰিকল্পনা প্রস্তুত কৰিব।


অচল আইন বাতিলঃ

  • ২৮৯খন অচল আইন বাতিলৰ বাবে অসম বিনিয়োজন আইন (বাতিল) বিধেয়ক, ২০২২ত অনুমোদন।

  • বিনিয়োজন আইনসমূহৰ বৈধতাৰ সময়সীমা শেষ হোৱাৰ পাছত পৰিত্যক্ত হিচাপে থকা আইনসমূহৰ হেতু এই পদক্ষেপ।

  • চৰকাৰী কাম-কাজ সুশৃংখলিত কৰিবলৈ ১৯৫৩-২০১৯ চনৰ ভিতৰত প্ৰণয়ন কৰা ১৩খন অচল অসম আকস্মিক পুঁজি (কপাছ বৃদ্ধি) আইন বাতিলৰ বাবে অসম আকস্মিক পুঁজি আইন (বাতিল) বিধেয়ক ২০২২ত অনুমোদন।


যুৱ সবলীকৰণঃ

  • অসম শিক্ষাৰ্থী আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামর্শদাতা সমিতি (SLAC)ক সঠিক কার্যকৰী ৰূপৰেখা আৰু পৰিকাঠামো প্ৰদানৰ বাবে পঞ্জীভুক্ত ছ'চাইটীলৈ ৰূপান্তৰ।

শেহতীয়া বাতৰি