• Home
  • »
  • News
  • »
  • assam
  • »
  • পোন প্ৰথমবাৰৰ বাবে দেশৰ ৰাজধানীত অনুষ্ঠিত হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক; ল'লে এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

পোন প্ৰথমবাৰৰ বাবে দেশৰ ৰাজধানীত অনুষ্ঠিত হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক; ল'লে এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গ্রাম্য খণ্ডত শিশু যত্ন সেৱা উন্নত কৰাৰ লক্ষ্যৰে অসমৰ বিভিন্ন জিলাত ২০০০ অংগনৱাড়ী কেন্দ্ৰ (AWC) নির্মাণ

গ্রাম্য খণ্ডত শিশু যত্ন সেৱা উন্নত কৰাৰ লক্ষ্যৰে অসমৰ বিভিন্ন জিলাত ২০০০ অংগনৱাড়ী কেন্দ্ৰ (AWC) নির্মাণ

গ্রাম্য খণ্ডত শিশু যত্ন সেৱা উন্নত কৰাৰ লক্ষ্যৰে অসমৰ বিভিন্ন জিলাত ২০০০ অংগনৱাড়ী কেন্দ্ৰ (AWC) নির্মাণ

  • Share this:
আজি নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০২৩ চনৰ বন্ধৰ তালিকা, তিতাবৰত ৰেচম মহাবিদ্যালয়, পৰ্যটন আন্ত:গাঁথনিৰ উন্নত কৰাৰ বাবে জোঙাল বলহু ক্ষেত্ৰলৈ প্ৰশাসনিক অনুমোদন, ৰাজ্যৰ বিভিন্ন জিলাত ২০০০ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ আদিকে ধৰি গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণে ৰাজ্যবাসীৰ কল্যাণ সাধন কৰিব। আজিৰ কেবিনেট সিদ্ধান্তসমূহ সৱিশেষ এনেধৰণৰ-

সমগ্ৰ অসমতে ২০০০ অংগনৱাড়ী কেন্দ্ৰ-

গ্রাম্য খণ্ডত শিশু যত্ন সেৱা উন্নত কৰাৰ লক্ষ্যৰে অসমৰ বিভিন্ন জিলাত ২০০০ অংগনৱাড়ী কেন্দ্ৰ (AWC) নির্মাণ

• প্ৰতিটো কেন্দ্ৰৰ ব্যয়ঃ ২৫ লাখ টকা

মুঠ প্রকল্প ব্যয়ঃ ৫০০ কোটি টকা

গৌৰীপুৰত ট্ৰাম্পেট ইণ্টাৰচেঞ্জ-

১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণাধীন ৬ লেনযুক্ত পথ (অসম দলং প্রকল্প-১) সংযোগ কৰাৰ লক্ষ্যৰে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ টি-জংচনত নিৰ্মাণ হ'ব ট্রাম্পেট ইন্টাৰচেঞ্জ।

আনুমানিক ব্যয়ঃ ৩৩২.৫৯ কোটি টকা (প্ৰকল্পৰ কাৰ্যকলাপ, যেনে ভূমি অধিগ্রহণ, আৰ এণ্ড আৰ, ইউটিলিটী ছিফ্টিং আদিকে ধৰি)

জোঙাল বলহু ক্ষেত্র-

পৰ্যটনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৰহাৰ জোঙাল বলহু ক্ষেত্ৰলৈ প্রশাসনিক অনুমোদন প্রদান

মুঠ প্রকল্প ব্যয়ঃ ৫০ কোটি টকা

২০২৩ চনৰ বন্ধৰ দিনসমূহৰ তালিকা

অসমৰ সকলো গুৰুত্বপূৰ্ণ জনগোষ্ঠীৰ তাৎপৰ্যপূৰ্ণ দিনসমূহক বিবেচনা কৰি ২০২৩ চনৰ বন্ধৰ দিনৰ তালিকাত অনুমোদন।

প্রস্তাবিত বন্ধ

৹ বন্ধৰ দিন- ৩৮

৹ সংৰক্ষিত বন্ধৰ দিন- ৩০

৹ অর্ধ ছুটী- ১

তিতাবৰত ৰেচম মহাবিদ্যালয়

হস্ততাঁত খণ্ডক উন্নীত কৰিবলৈ যোৰহাটৰ তিতাবৰত ৰেচম মহাবিদ্যালয় স্থাপনৰ বাবে প্ৰশাসনিক অনুমোদন।

মুঠ প্রকল্প ব্যয়ঃ ২২.৪১ কোটি টকা।

*বন এলেকাৰ বাহিৰত গছ কটাৰ ক্ষেত্ৰত নতুন নির্দেশনা*

বনাঞ্চলৰ বাহিৰৰ অসম গছ (বহনক্ষম ব্যৱস্থাপনা) নিয়ম, ২০২২ত অনুমোদন।

বৈশিষ্ট্যসমূহ-

৹ সাধাৰণতে ব্যৱহৃত /সাধাৰণতে গজা গছৰ প্ৰজাতি আৰু ছাঁ দিয়া গছকে ধৰি ৭১টা প্ৰজাতিৰ গছক ২০০২ চনৰ পুৰণি নিয়মত ১১টা ৰেহাইপ্ৰাপ্ত প্ৰজাতিৰ বিপৰীতে পূৰ্বৰ পঞ্জীয়ন আৰু পূৰ্বৰ কটাৰ অনুমতিৰ পৰা ৰেহাই দিয়া হ'ব। এই গছ প্রজাতিসমূহৰ পৰিবহণৰ ক্ষেত্ৰত ট্ৰেনজিট পাছ জাৰি কৰাৰ প্ৰয়োজন নাই।

৹ যদিহে প্ৰস্তাৱিত কাটিব পৰা স্থান নিকটতম বনাঞ্চলৰ পৰা ৫ কিল'মিটাৰৰ দূৰত থাকে, তেন্তে আবেদনৰ ৪৮ ঘণ্টাৰ ভিতৰত কটাৰ অনুমতি আৰু উৎপত্তিৰ প্ৰমাণ পত্ৰ 'জেনেৰেট' হ'ব। যদি সময়সীমাৰ ভিতৰত ইয়াক প্ৰদান কৰা নহয়, তেন্তে একেখিনি তথ্য জাৰি কৰা বুলি গণ্য কৰা হ'ব। যদিহে সকলো অনলাইন আবেদনৰ প্রয়োজনীয়তা সন্তোষজনক বুলি বিবেচিত হয়।

৹ কাটি পেলোৱা ঠাইৰ পৰা ৫ কিল'মিটাৰৰ ভিতৰত অৱস্থিত 'প্লেন্টেচনৰ ক্ষেত্ৰত যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত কটাৰ অনুমতি প্ৰদান কৰা নহয় তেন্তে একেখিনিৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা বুলি গণ্য হ'ব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি