মেধাৱী শিক্ষাৰ্থীলৈ স্কুটাৰউচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উন্নত ফলাফলৰ বাবে শিক্ষার্থীক উৎসাহিত কৰিবলৈ ২০২২ বৰ্ষৰ উক্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৭৫% তকৈ অধিক নম্বৰ লাভ কৰা ৬,০৫২জন ছাত্ৰক প্ৰদান কৰা হ'ব স্কুটাৰ।
আনুমানিক ব্যয়ঃ ২৫৮.৯ কোটি
পঞ্জীয়নৰ বাবে বিত্তীয় সহায়-এই প্ৰস্তাৱমৰ্মে উচ্চ শিক্ষা বিভাগে ন 'ডেল প্রিঞ্চিপালৰ জৰিয়তে হিতাধিকাৰীসকলক পঞ্জীয়ন আৰু বীমাৰ বাবে বিত্তীয় সাহায্য প্রদান কৰিব।
সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধিপ্রাদেশীক মহাবিদ্যালয়ৰ ফিক্সড পে'ত কৰ্মৰত সহকাৰী অধ্যাপকৰ মাহিলি পাৰিশ্ৰমিক ৫৫ হাজাৰ (ফিক্সড)লৈ বৃদ্ধি।
জাতিগত প্ৰমাণপত্ৰ জাৰিকৰণ'ভৈয়ামত পাহাৰীয়া জনজাতি' আৰু 'পাহাৰত ভৈয়াম জনজাতি'ৰ প্ৰমাণপত্ৰ জাৰিকৰণৰ হেতু উচ্চমানৰ প্ৰক্ৰিয়াৰ নিৰ্দেশনা
ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক, শৈক্ষিক আৰু নিযুক্তিৰ লাভালাভ প্রাপ্ত কৰাত সহায়ক হোৱাকৈ মিছন ভূমিপুত্ৰৰ অধীনত অনুসূচিত জাতি/অনুসূচিত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণী/বাকী অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰৰ দৰে উপায়ুক্তৰ দ্বাৰা অনলাইনযোগে যোগ্যসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।
কাজিৰঙাত পর্যটন বিকাশৰ নৱ পদক্ষেপপর্যটন বিকাশৰ বাবে কাজিৰঙাত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে ছৰাফ হোটেল এন্টাৰপ্রাইজ (হায়াট গ্রুপ অৱ হোটেলছ)ৰ দ্বাৰা হোটেল নির্মাণ।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|