உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গৃহ বিভাগলৈ আৰক্ষী চকী নিৰ্মাণৰ বাবে ১২০ কোটি ! অংগনৱাড়ী কেন্দ্ৰ-প্ৰাথমিক বিদ্যালয়ত বিদ্যুত সংযোগৰ বাবে ১৬১ কোটি...

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গৃহ বিভাগলৈ আৰক্ষী চকী নিৰ্মাণৰ বাবে ১২০ কোটি ! অংগনৱাড়ী কেন্দ্ৰ-প্ৰাথমিক বিদ্যালয়ত বিদ্যুত সংযোগৰ বাবে ১৬১ কোটি...

    ১৭১৮ কোটি টকাৰে নতুনকৈ ৪৮০২৪৯টা ঘৰত সংযোগ কৰা হ'ব বিদ্যুত ৷ অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুত সংযোগৰ বাবে কেবিনেটে ১৬১ কোটি টকাৰ অনুমোদন দিয়ে ৷ ইয়াৰে ৪৮২৩১টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩১২০খন প্ৰাৰ্থমিক বিদ্যালয়ত সংযোগ কৰা হ'ব বিদ্যুত সেৱাৰ ৷

    • Share this:
    উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত এতিয়া ব্যাপকভাৱে ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে মঙলবাৰে কইনাধৰাত পাতিলে মুখ্যমন্ত্ৰীয়ে সাপ্তাহিক কেবিনেট বৈঠক ৷ এই কেবিনেট বৈঠকত বহুকেইটা বিভাগৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷

    কেবিনেট বৈঠকৰ পিছত জনতা ভৱনত কেবিনেট ব্ৰিফিং কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ কেবিনেট ব্ৰিফিঙত কেশৱ মহন্তই জনালে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সুলভ মূল্যৰ দোকানকলৈ লোৱা সিদ্ধান্তক ৷ ধেমাজিৰ কেবিনেটত ট্ৰাইবেল বেল্ট আৰু ব্লক লৈ লোৱা সিদ্ধান্তৰ সংশোধনী সন্দৰ্ভতো মন্ত্ৰী মহন্তই সদৰী কৰে কেবিনেট ব্ৰিফিঙত ৷

    মঙলবাৰৰ কেবিনেটত গৃহ বিভাগলৈ ১২০ কোটি টকা অনুমোদন দিয়ে ৷ এই টকাৰে আৰক্ষী থানা আৰু আৰক্ষী চকীৰ গৃহৰ নিৰ্মাণ আৰু মেৰামতি কৰিব ৷

    ইয়াৰ লগতে কেবিনেটে শক্তি বিভাগলৈ তিনিটা খণ্ডত ২১২৯ কোটিৰ অনুমোদন দিয়ে ৷ ২১২৯ কোটি টকাৰ ভিতৰৰে ২৫০ কোটি টকাৰে ক্ৰয় কৰিব ৯০০০টা নতুন ট্ৰেন্সফৰ্মাৰ ৷ মেৰামতি কৰা হ'ব ৪৫০০টা ট্ৰেন্সফৰ্মাৰ ৷ স্থাপন কৰিব নতুন ৭০টা উপ কেন্দ্ৰ ৷

    আনহাতে ১৭১৮ কোটি টকাৰে নতুনকৈ ৪৮০২৪৯টা ঘৰত সংযোগ কৰা হ'ব বিদ্যুত ৷ অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুত সংযোগৰ বাবে কেবিনেটে ১৬১ কোটি টকাৰ অনুমোদন দিয়ে ৷ ইয়াৰে ৪৮২৩১টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩১২০খন প্ৰাৰ্থমিক বিদ্যালয়ত সংযোগ কৰা হ'ব বিদ্যুত সেৱাৰ ৷

    শক্তি বিভাগৰ ওপৰত লোৱা আন এটা সিদ্ধান্ত হ'ল- চহৰাঞ্চলৰ ৬,২০,১০০টা ঘৰত স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ ৷

    মংগলবাৰৰ কেবিনেটে ৫০ বছৰতকৈ পুৰণি অনুষ্ঠান সদৌ অসম মইনা পাৰিজাতৰ মুখ্য কাৰ্যালয় স্থাপনৰ বাবে গুৱাহাটীৰ বেলতলা মৌজাৰ সৰুসজাই গাঁৱত ডেৰ বিঘা মাটি আৱণ্টন দিয়ে ৷
    Published by:Kokil Sarma
    First published: