• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Decisions : ''জব্দ কৰা গাড়ী ৯০ দিনৰ পিছত কৰিব পাৰিব নিলাম''- কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet Decisions : ''জব্দ কৰা গাড়ী ৯০ দিনৰ পিছত কৰিব পাৰিব নিলাম''- কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গ্ৰামাঞ্চলত আৰু বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব৷

গ্ৰামাঞ্চলত আৰু বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব৷

গ্ৰামাঞ্চলত আৰু বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব৷

  • Share this:
আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সন্দৰ্ভত সংবাদ মাধ্যমক ব্যক্ত কৰে। মটৰ ভেহিকেল আইনকে ধৰি আন কেইবাটাও দিশত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এই সিদ্ধান্ত অনুসৰি–
–মণিপুৰৰ ভূমিস্খলনত মৃত্যু আৰু নিখোজ হোৱা ২০জন লোকৰ পৰিয়ালক ২ লাখ টকাকৈ দিয়া হ'ব আৰু আহত ৫জনক ২৫ হাজাৰকৈ টকা দিয়া হ'ব।

–গ্ৰামাঞ্চলত আৰু বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব৷ বাৰবোৰক ৱাইন শ্ব’পলৈ পৰিৱৰ্তন কৰা হ'ব। লগতে গ্রামাঞ্চলত সুৰাৰ বিপণীৰ অন লাইচেঞ্চক অফ লাইচেঞ্চ কৰিব পাৰিব। ৪৫ দিনৰ ভিতৰত কৰিব পাৰিব এই কাম।

-২০ আগষ্টত বানত ঘৰ বিনষ্ট হোৱাসকলক ক্ষতিপূৰণ দিয়া হ'ব৷ সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰ আছিল ৫,৫৩২টা, পাহাৰ এলেকা আৰু ভৈয়াম এলেকাৰ ক্ষতিগ্ৰস্তই পাব টকা। ১২৩ কোটি টকা বানত ঘৰ ক্ষতি হোৱাসকলক প্ৰদান কৰা হ'ব। সকলোৰে একাউণ্টত সোমাব ধন।

–অসম মটৰ ভেহিকল ২০০৩ৰ সংশোধন কৰা হৈছে। এই সংশোধনীৰ অধীনত যিবোৰ গাড়ী জব্দ কৰা হ'ব সেই গাড়ী ৯০ দিনৰ পিছত নিলাম কৰিব পাৰিব।

–ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ আইনৰো সংশোধন কৰা হৈছে। পাটোৱাৰী আৰু মণ্ডল,আমিনসকলেও ৩% ইনক্ৰিমেন্ট পাব।

–আসাম লজিষ্টিক ২০২২ গ্ৰহণ কৰিছে অসম চৰকাৰে, পলিচিৰ অধীনত যিকোনো কাম কৰিবৰ বাবে সুচাৰুৰূপে কাম কৰিব পাৰিব।

–পেঞ্চনাৰসকলৰ বাবে আইনৰ কিছু সংশোধন কৰা হৈছে।

–পঞ্চায়ত আৰু এচিষ্টেন্ট বিডিঅ'সকলে ১৩ বছৰত প্ৰমোচন পাব৷ পূৰ্বতে এয়া ১৫ বছৰ আছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি