আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেটত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
কেবিনেটৰ সিদ্ধান্ত–ভূদান আৰু গ্ৰামদান আইন দুখন বাতিল কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। লগতে যিসমূহ পুৰণি আইন প্ৰযোজ্য হ'বলগীয়া নাই, য'ত কেন্দ্ৰীয় চৰকাৰৰ আইনো অন্তৰ্ভুক্ত হৈছে, তেনে ৩২৯খন আইন বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত।
–চৰকাৰী পলিটেকনিক আৰু ITIৰ বাবে ৩ লাখ ২২ কোটি টকা মঞ্জুৰ, ইয়াৰ জৰিয়তে প্ৰতিবছৰে ২২ হাজাৰ শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সক্ষম হ'ব।
-কমনৱেলথ গেমছত পদক বিজয়ী নয়নমণি শৰ্মালৈ ৰাজ্য চৰকাৰৰ সন্মান। DSP আৰু ফৰেষ্ট কামাণ্ডেন সন্মানেৰে সন্মানিত। লগতে ৫০ লাখ টকা আগবঢ়াব চৰকাৰে। ৩ ছেপ্টেম্বৰ তাৰিখে এই উপহাৰ প্ৰদান কৰিব।
–ৰাজ্যিক নিৰ্বাচনী আযুক্তৰ পদটো উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশৰ সমমৰ্যাদাৰ হ'ব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই লাভ কৰিব এই সুবিধা।
–পিতৃ–মাতৃ বন্দনাৰ বাবে আগন্তুক বৰ্ষৰ বাবে ৯, ১০, ১১, ১২ ফেব্ৰুৱাৰী তাৰিখ ধাৰ্য ৰাজ্য চৰকাৰৰ।–অসম চৰকাৰৰ চিন্তন শিবিৰ কাৰ্যসূচী অহা ২৪, ২৫, ২৬ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব।
ইয়াত বিভাগীয় সঞ্চালক, কেন্দ্ৰীয় মুৰব্বীৰ পৰা গ্ৰহণ কৰিব পৰামৰ্শ। ভৱিষ্যতৰ দিনত ল'বলগীয়া সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰা হ'ব।–ভৱিষ্যত দিনত ল'বলগীয়া সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰা হ'ব। ২৩ আৰু ২৪ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব লাচিত দিৱস।
–২৩ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অন্তিম দিনত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|