মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ যোগেদি নতুনকৈ অন্তৰ্ভুক্ত দুই বিধায়ক ক্ৰমে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাক নতুন বিভাগৰ দায়িত্ব দিয়াৰ লগতে পূৰ্বৰ মন্ত্ৰীসকলৰ বিভাগীয় দায়িত্বৰ কিছু সাল-সলনি কৰিছে। সেই অনুযায়ী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতৰ পৰা পৰিবহণ বিভাগ আঁতৰোৱাৰ লগতে বিমান বৰাৰ পৰা আঁতৰোৱা হৈছে শক্তি বিভাগ।
কোনে কি নতুন দায়িত্ব পালেচন্দ্ৰমোহন পাটোৱাৰী-
বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন
পৰিমল শুক্লবৈদ্য–
পৰিবহণ, মীন, আবকাৰী বিভাগ
বিমল বৰা–
উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা
নন্দিতা গাৰ্লোচা–
শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদ
জয়ন্ত মল্ল বৰুৱা–
জনস্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন।
ৰঞ্জিত কুমাৰ দাস–
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন
অতুল বৰা–
কৃষি, উদ্যান শস্য,পশুপালন, সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ বিভাগ
উৰ্খাও গৌৰা ব্ৰহ্ম–
হস্ততাঁত, ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন
কেশৱ মহন্ত –
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, মেডিকেল এডুকেচন আৰু বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি বিভাগ
ৰণোজ পেগু–
শিক্ষা, জনজাতীয় উন্নয়ন
অশোক সিংহাল–
হাউছিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন
যোগেন মহন-
ৰাজহ, পাহাৰ উন্নয়ন
সঞ্জয় কিষাণ-
চাহ জনগোষ্ঠী উন্নয়ন, শ্ৰম বিভাগ
অজন্তা নেওগ–
বিত্ত, মহিলা আৰু শিশু উন্নয়ন
পীয়ুষ হাজৰিকা–
জলসম্পদ, জনসংযোগ আৰু সামাজিক ন্যায়উল্লেখ্য, ১৫জনলৈ বৃদ্ধি পোৱা অসম মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) গৃহ, পাৰ্চনেল ডিৰ্পাটমেন্ট, লোকনিৰ্মাণৰ লগতে এতিয়ালৈ ভগাই নিদিয়া বিভাগৰ দায়িত্ব ল'ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|