• Home
  • »
  • News
  • »
  • assam
  • »
  • Explained : EWSক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনটত, ৩০ বিঘাতকৈ কম মাটি থকা লোকেও পাব সুবিধা

Explained : EWSক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনটত, ৩০ বিঘাতকৈ কম মাটি থকা লোকেও পাব সুবিধা

৮ লাখ টকাতকৈ কম উপাৰ্জন কৰা লোক তথা গ্ৰামাঞ্চলত ৩০ বিঘাতকৈ কম মাটি থকা লোকক আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

৮ লাখ টকাতকৈ কম উপাৰ্জন কৰা লোক তথা গ্ৰামাঞ্চলত ৩০ বিঘাতকৈ কম মাটি থকা লোকক আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

৮ লাখ টকাতকৈ কম উপাৰ্জন কৰা লোক তথা গ্ৰামাঞ্চলত ৩০ বিঘাতকৈ কম মাটি থকা লোকক আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

  • Share this:
সোমবাৰে ৰাজ্যিক কেবিনেটত আৰ্থিকভাৱে পিছপৰা শ্ৰেণীক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত আৰ্থিকভাৱে পিছপৰা শ্ৰেণী (ইডব্লিউএছ)ৰ বাবে গ্ৰহণ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধন্ত।

৮ লাখ টকাতকৈ কম উপাৰ্জন কৰা লোক তথা গ্ৰামাঞ্চলত ৩০ বিঘাতকৈ কম মাটি থকা লোকক আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। ইডব্লিউএছত অন্তৰ্ভুক্ত হ’বলৈ পূৰ্বে যি নীতি–নিয়ম আছিল, তাৰ সংশোধন কৰে কেবিনেটে।

পৌৰসভা–পৌৰ নিগম–নগৰ সমিতি অঞ্চলত ইডব্লিউএছৰ ঘৰৰ বাবে নিৰ্মিত এলেকা ১০০০ বৰ্গফুটৰ পৰা ২০০০ বৰ্গফুট হ’লেও সেই সুবিধা লাভ কৰেব। একেদৰে নগৰ অঞ্চলত এৰিয়াত ২ বিঘা ভূমি থকা আৰু ৮ লাখ টকাৰ কম আয় হ’লে সেই লোকসকলক ইডব্লিউএছত অন্তৰ্ভুক্ত কৰা হ’ব। কেবিনেটৰ এই সিদ্ধান্তৰ ফলত চৰকাৰী চাকৰি আৰু নামভৰ্তিৰ ক্ষেত্ৰত ইডব্লিউএছৰ প্ৰাৰ্থীসকলৰ প্ৰমাণপত্ৰ লাভৰ বাধাসমূহ আঁতৰ হ’ব।

উল্লেখযোগ্য যে চলিত চৰ্তাৱলীৰ অধীনত গ্ৰামাঞ্চলত পোন্ধৰ বিঘা আৰু নগৰ অঞ্চলত এবিঘাতকৈ অধিক মাটি থকা পৰিয়ালে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সুবিধাৰ পৰা বঞ্চিত হৈছিল। অৱশ্যে পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৮ লাখৰ কম হোৱাটো পূৰ্বৰ দৰেই বাহাল থাকিব।

সোমবাৰে এক সংবাদমেলত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, পূৰ্বৰ চৰ্তাৱলী সংশোধন কৰাৰ ফলত চৰকাৰী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীকে ধৰি অন্যান্য আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ লোকসকলে চিকিৎসা শিক্ষা, অভিযান্ত্ৰিক শিক্ষা আদিৰ ক্ষেত্ৰত সংৰক্ষিত আসনৰ সুবিধা পোৱাৰ লগতে চাকৰি–বাকৰিৰ বাবে আবেদনৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ পাব।

আৰ্থিকভাৱে পিছ পৰা শ্ৰেণীৰ লোকসকলৰ ক্ষেত্ৰত চৰকাৰী পৰ্যায়ত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা বাহাল আছে যদিও চৰ্তাৱলীৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান বাধ্যবাধকতাৰ বাবে বছৰি ৮ লাখ টকাতকৈ কম উপাৰ্জন থকা পৰিয়ালৰ লোকেও আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ পাবলৈ সক্ষম হোৱা নাছিল। ৰাজ্যিক কেবিনেটে পূ্ৰ্বৰ চৰ্তাৱলী শিথিল কৰাত অনুমোদন দিয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি