কেবিনেটৰ বৈঠকত লোৱা হয় আন কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
কেবিনেটৰ বৈঠকত লোৱা হয় আন কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সোমবাৰে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰী লোৱা হয়। এই মৰ্মে দুটাতকৈ অধিক সন্তান থকাসকলে চৰকাৰী চাকৰি কৰিব নোৱাৰিব। কেবিনেটৰ সিদ্ধান্তত ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি ২০২১চনৰ ১ জানুৱাৰীৰ পৰা যিসকল ব্যক্তিৰ দুটাতকৈ বেছি সন্তান থাকিব তেখেতসকলে চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব। কেবিনেটৰ বৈঠকৰ অন্তত এই কথা জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
আনহাতে বাছ ভাড়া ২৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে। ইয়াৰ উপৰিও ভূমিহীন খিলঞ্জীয়া পৰিয়ালে পাব ৩বিঘাকৈ মাটি। P&RDত ১২৭৭টা নতুন পদ সৃষ্টিৰ সিদ্ধান্ত লোৱা হয় লগতে PWDত প্ৰতিটো সমষ্টিত একোজনকৈ SDOৰ নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব। আটাইতকৈ গুৰুত্বপূৰ্ণ
অটল অমৃত যোজনাই সামৰিব ICUৰ ৰোগীকো, সামৰিব জাপানীজ এনচেফেলাইটিছ ৰোগকো। লগতে 'ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনি' সন্দৰ্ভতো সিদ্ধান্ত লোৱা হয়। ইয়াৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতিমাহে পাব ৩০০টকাকৈ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|