‘জয় আই অসম ধ্বনি দিয়াৰ সময়ত বিজেপিয়ে ভাৰত মাতা কি জয় বুলি কোৱাতো পৰিতাপৰ বিষয়’
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। তাৰ মাজতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিবেশন। বিধানসভাৰ প্ৰথম দিনটোৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে সদনত বিৰোধীৰ উত্তাল প্ৰতিবাদ। CABক লৈ মৰিয়নীৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, ‘ CABক লৈ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে ৷ CAB সন্দৰ্ভত কেন্দ্ৰৰ এটা মত, ৰাজ্য চৰকাৰৰো এটা মত ৷ ৰাজ্য চৰকাৰৰ এটা বি টিমৰো আকৌ CAB সন্দৰ্ভত বেলেগ মত।’
বৃহস্পতিবাৰে সদনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জয় আই অসম ধ্বনি দিয়াৰ পিছত বিজেপিৰ দলৰ সদস্যই কংগ্ৰেছে ‘জয় আই অসম’ কোৱাৰ অধিকাৰ নাই বুলি কোৱাৰ লগতে কেৱল বিজেপিৰ হে জয় আই অসম কোৱাৰ অধিকাৰ আছে বুলি কৈছিল। সেই সন্দৰ্ভতো ৰূপজ্যোতি কুৰ্মীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বিধায়কজনে কয় যে, ‘জয় আই অসম ধ্বনি দিয়াৰ সময়ত, বিজেপিয়ে ভাৰত মাতা কি জয় বুলি কোৱাতো পৰিতাপৰ বিষয় ৷ বিজেপিয়ে এই আচৰণে আমাক অপমান কৰাই নহয়, অসমবাসীক অপমান কৰিলে ৷’
ইফালে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয় বাংলাদেশ বুলি কৈ দিলে বুলি কটাক্ষ কৰে বিধায়ক কুৰ্মীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|