ম্যাদ উকলি যোৱা নথি-পত্ৰ নবীকৰণৰ সময়সীমা মাৰ্চ, ২০২২ কৰক।পেট্ৰ'ল-ডিজেলৰ মূল্য অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰক।
ম্যাদ উকলি যোৱা নথি-পত্ৰ নবীকৰণৰ সময়সীমা মাৰ্চ, ২০২২ কৰক।পেট্ৰ'ল-ডিজেলৰ মূল্য অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰক।
"হয় আমাক সাহাৰ্য দিয়ক,নহয় আমাক গুলিয়াই মাৰক"। কোৰোণা ভাইৰাছত ক্ষতিগ্ৰস্ত মটৰ শ্ৰমিক সকলৰ বাহনৰ বেংকৰ মাহেকীয়া ঋণ সমূহ পিছুৱাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে নথি-পত্ৰ নবীকৰণৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ ব্যৱস্থা কৰাকে আদি কৰি আৰু কেতবোৰ দাবীৰে হাতত বেনাৰ লৈ সোমবাৰে ঘৰে ঘৰে প্ৰতিবাদ সাব্যস্ত কৰে মটৰ শ্ৰমিক সকলে।
আজি অল ইণ্ডিয়া ৰোড টেন্সপোৰ্ট ওৱাৰ্কাৰ্ছ ফেডাৰেচনৰ উদ্যোগত অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নকে ধৰি মটৰ শ্ৰমিকৰ বিভিন্ন ইউনিয়নৰ সদস্য সকলে ঘৰে ঘৰে পৰিয়ালক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
কেব চালক সকলৰ দাবীসমূহ হ'ল :
ম্যাদ উকলি যোৱা নথি-পত্ৰ নবীকৰণৰ সময়সীমা মাৰ্চ, ২০২২ কৰক।
বেংকৰ ঋণৰ মাহিলি কিস্তি আদায়ৰ সময়সীমা মাৰ্চ, ২০২২লৈ বৃদ্ধি কৰক।
পেট্ৰ'ল-ডিজেলৰ মূল্য অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰক।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰক।
বাণিজ্যিক বাহন চালক সকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|