உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আমাৰ স্থিতিত আমি অটল, নতুন দলৰ কথা শুনি ভয় খাইছে চৰকাৰেঃ জুবিন গাৰ্গ

    আমাৰ স্থিতিত আমি অটল, নতুন দলৰ কথা শুনি ভয় খাইছে চৰকাৰেঃ জুবিন গাৰ্গ

    অসমত লাগে কেজৰিৱালৰ দৰে নেতাঃ জুবিন গাৰ্গ

    অসমত লাগে কেজৰিৱালৰ দৰে নেতাঃ জুবিন গাৰ্গ

    অসমত লাগে কেজৰিৱালৰ দৰে নেতাঃ জুবিন গাৰ্গ

    • Share this:
    ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ বিতৰ্কিত আইনখনৰ বিৰুদ্ধে আজি শিল্পী সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বহু কেইটা জাতীয় দল সংগঠনৰ সহযোগত আয়োজন কৰা হয় প্ৰতিবাদী সমদল। প্ৰতিবাদত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কৰে বিশেষ মন্তব্য।

    জুবিন গাৰ্গে কয় যে, ‘ৰাজ্যত নতুন ৰাজনৈতিক দল গঠনৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে। প্ৰয়োজন হ’লে আলোচনাৰ মাধ্যমেৰে আমি আগবাঢ়ি যাম। নতুন দলৰ কথা শুনি চৰকাৰে ভয় খাইছে।’

    জুবিন গাৰ্গে লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰশংসা কৰি কয় যে, আমাৰ সৈতে তেখেতৰ চিন্তা মিলে। অসমতো তেনে নেতাৰ প্ৰয়োজন।’
    Published by:Himangshu Bhuyan
    First published: