অমিত শ্বাহৰ স্বীকাৰোক্তিঃ CAAৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ–পূৱ আৰু পশ্চিম বংগত

News18 Assam | News18-Assam
Updated:December 26, 2019, 12:58 PM IST
অমিত শ্বাহৰ স্বীকাৰোক্তিঃ CAAৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ–পূৱ আৰু পশ্চিম বংগত
সৰ্বাধিক শৰনাৰ্থী আছে অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগতঃ অমিত শ্বাহ

সৰ্বাধিক শৰনাৰ্থী আছে অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগতঃ অমিত শ্বাহ

  • News18 Assam
  • Last Updated: December 26, 2019, 12:58 PM IST
  • Share this:
ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ সৰ্বস্তৰৰ লোক আইনখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসকে প্ৰমুখ্য কৰি বিজেপিৰ বিধায়ক, মন্ত্ৰী নেতাসকলে CAA ৰ ফলত অসমীয়া জাতি সুৰক্ষিত হ’ব বুলি দাবী কৰি আহিছে। কিন্তু সেইসময়তে দেশৰ গৃহমন্ত্ৰীৰ এক বিশেষ মন্তব্যই দেশজুৰি বিশেষ তাৎপৰ্য বহন কৰিছে।

DD Newsৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অমিত শ্বাহে স্বীকাৰ কৰে যে,  হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পালে অসম তথা উত্তৰ পূৱৰ থলুৱা লোকৰ ওপৰত প্ৰভাৱ পৰিব। কাৰণ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগত সৰ্বাধিক শৰনাৰ্থী আছে। গতিকে তাত CAA বিৰোধী প্ৰতিবাদ হোৱাতো স্বাভাৱিক।’

কিন্তু আইন খনৰ ফলত থলুৱা লোকৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিলেও তুলনামূলক ভাবে অসম তথা পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কম হৈছে। কিন্তু বাকী ৰাজ্যত হোৱা প্ৰতিবাদ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত।’

CAA বিৰোধী আন্দোলনক তুচ্ছ–তাচ্ছিল্য কৰা বিজেপিৰ নেতা মন্ত্ৰী সকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয় হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি