‘মোদী-শ্বাহ সাৱধান, হম বছায়েঙ্গে সংবিধান।’
‘মোদী-শ্বাহ সাৱধান, হম বছায়েঙ্গে সংবিধান।’
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চিপিআই(এম)ৰ বিশাল প্ৰতিবাদী সভা ৷ সভাত উপস্থিত থাকি চিপিআই (এম)ৰ কেন্দ্ৰীয় সম্পাদক সীতাৰাম য়েচুৰীৰ মন্তব্য, আমাৰ দেশৰ নাগৰিকত্বৰ ক্ষেত্ৰত ধৰ্মৰ প্ৰসংগ ক'ৰ পৰা আহিল? মোদীয়ে দেশক CAA ৰ লগত NRC আৰু NPR দিব বিচাৰিছে। দেশৰ মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ বাবে ষড়যন্ত্ৰ চলাইছে।
সীতাৰাম য়েচুৰীয়ে লগতে কয় যে, ‘অসমত হোৱা NRC ঐতিহাসিক অসম চুক্তিৰ ফল। অসমৰ খিলঞ্জীয়া লোকক ৰক্ষাৰ বাবে প্ৰয়োজন NRC। দেশৰ শ্লোগান হ'ব লাগে ‘মোদী-শ্বাহ সাৱধান, হম বছায়েঙ্গে সংবিধান।’
নেতাজনে লগতে উল্লেখ কৰে যে, ‘দেশৰ তেৰখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে তেওঁলোকে NRC আৰু NPR ৰিজেক্ট কৰিছে। তেওঁলোকে কয়, CAAৰ আন্দোলনত হিংসা হৈছে। কিন্তু গণতান্ত্ৰিক আন্দোলনকাৰীৰ প্ৰতিহে হিংসাত্মক আচৰণ কৰিছে চৰকাৰখনে।CAA বিৰোধী আন্দোলন গঢ় দিয়াত কটনৰ শিক্ষাৰ্থীৰ ভূমিকা অপৰিসীম। সংবিধান নিঃশেষ কৰিব বিচৰা অপশক্তিক আমি শেষ কৰিব লাগিব।’
দেশত নিবনুৱা সমস্যা বৃদ্ধি পাইছে ভয়ংকৰ ধৰণে। পিয়াঁজৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি, দেশৰ অৰ্থনীতিৰ ভয়ংকৰ স্খলন। উন্নয়নৰ কথা কোৱা চৰকাৰেই অসমৰ দুটাকৈ কাগজ কল পুনৰিজ্জীৱিত কৰাৰ কথা কৈ ধ্বংস কৰি পেলালে ৷ সংবিধানক নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ চলাইছে চৰকাৰে। যাতে ভাৰতবৰ্ষক এখন হিন্দুৰাষ্ট্র হিচাপে গঢ়ি তুলিব পাৰে। NPRত নতুন প্ৰশ্ন- মাক-দেউতাকৰ জন্ম ক'ত হৈছিল।
প্ৰতিবাদী সভাৰ অন্তত চাৰিটা প্ৰস্তাব গ্ৰহন কৰা হয়। প্ৰথম প্ৰস্তাৱ, কেন্দ্ৰৰ বিজেপি চৰকাৰখনে প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ দাবী। দ্বিতীয় প্ৰস্তাৱ, CAA বিৰোধী গণ আন্দোলন দমন কৰাৰ নামেৰে অসমৰ পাঁচজন নিৰীহক হত্যা কৰিছে। শ্বহীদৰ ন্যায়িক তদন্ত কৰাৰ দাবী। ২০ লক্ষ্য টকাকৈ প্ৰতিটো শ্বহীদ পৰিয়ালক ক্ষতিপূৰণৰ দাবী।
তৃতীয় প্ৰস্তাৱ ‘অখিল গগৈসহ কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত প্ৰস্তাৱ। অসমত প্ৰযোজ্য হৈ থকা সকলো ক'লা আইন প্ৰত্যাহাৰৰ দাবী"।
চতুৰ্থ প্ৰস্তাৱ, নিবনুৱা সমস্যা ৰোধ কৰাৰ দাবীত প্ৰস্তাৱ ৷
আনহাতে অহা ৮ জানুৱাৰীত সমগ্ৰ দেশজুৰি শ্ৰমিক, ট্ৰেড ইউনিয়নে কৰিব প্ৰতিবাদ ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|