CAA বিৰোধী আন্দোলনঃ দেওবাৰলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৪০৬ জন প্ৰতিবাদকাৰীক

News18 Assam | News18-Assam
Updated:December 15, 2019, 6:15 PM IST
CAA বিৰোধী আন্দোলনঃ দেওবাৰলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৪০৬ জন প্ৰতিবাদকাৰীক
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত একাংশ প্ৰতিবাদকাৰীয়ে হিংসাত্মক কাৰ্যকলাপো সংঘটিত কৰিছে। প্ৰশাসনেও CAA বিৰোধী আন্দোলনক কঠোৰ ভাবে দমন কৰিবলৈ হাতত লৈছে বিভিন্ন উপায়। বলৱৎ কৰা হৈছে সান্ধ্য আইন। বিভিন্ন স্থানত প্ৰতিবাদকাৰীলৈ গুলীচালনাও কৰা হৈছে। ইতিমধ্যে আন্দোলনত মৃত্যু হৈছে ৬ গৰাকী লোক।

CAA বিৰোধী আন্দোলনত হিংসাৰ আশ্ৰয় লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী।দেওবাৰে পুৱা সাত বজালৈ আৰক্ষীয়ে আটক কৰিছে ১৪০৬গৰাকী প্ৰতিবাদকাৰীক।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তথ্য মতে, আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ১৭৫জন হিংসাত্মক কাৰ্যত জড়িত লোকক।
আৰু চাওক
পৰৱৰ্তী বাতৰি