৩০ অক্টোৱৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পাঁচটা সমষ্টিতে এসময়ত জয় হোৱাৰ অভিজ্ঞতা থকা অসম গণ পৰিষদ দলে এইবাৰ এটাও সমষ্টিত নিৰ্বাচন দূৰৰ কথা প্ৰাৰ্থীত্বয়ে নিবিচাৰিলে বিগ ব্ৰাদাৰ বিজেপিক।
প্ৰাৰ্থীত্ব নিদিলেও মিত্ৰজোটৰ প্ৰাৰ্থীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে অসম গণ পৰিষদ নেতৃত্ব। গোসাঁইগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি-অগপ মিত্ৰজোঁট সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ সমৰ্থনত সমষ্টিটোৰ হাতীধূৰাত অসম গণ পৰিষদৰ নেতৃত্বই এখন সভাত অংশ লয়।
নিৰ্বাচনী সভাখনত অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰী প্ৰমুখ্যে অন্যান্য দলীয় নেতা কৰ্মী সকলে বৃহস্পতিবাৰে জিৰন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ সভাত অগপৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতৃত্বক চোকা ভাষাৰে সমালোচনা কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|