ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এতিয়া দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে।
ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এতিয়া দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে।
ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এতিয়া দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে। বৃহস্পতিবাৰে থাওৰা সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত শুকুৰবাৰে মৰিয়নিৰ সমষ্টিত দলীয় প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ভাষণ প্ৰসংগত সমষ্টি উন্নয়নৰ বহু প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'প্ৰত্যেক বাগিচাকে আমি এক কোটি টকাকৈ দিছিলো বিদ্যুৎ সংযোগৰ বাবে। মৰিয়নিৰ ৪০ খন বাগিচাত বিদ্যুৎ সংযোগৰ বাবে আৰু এক কোটি টকা ঘোষণা কৰিছো। অহা ছমাহৰ ভিতৰত মৰিয়নিৰ ৪০ খন বাগিচাৰ প্ৰতিটো পৰিয়াললৈ পানী যোগানৰ ব্যৱস্থা কৰা হ'ব। মৰিয়নি সমষ্টিৰ বাগিচাসমূহৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ১০ খন কম্পোজিত স্কুল স্থাপন কৰা হ'ব। স্থাপন কৰা হ'ব এখন চৰকাৰী কলেজ। বাগিচাৰ সকলো লোকৰ হাতত দিয়া হ'ব অটল অমৃত কাৰ্ড।'
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, 'চিকিৎসা মহাবিদ্যালয়সমূহৰ কাষত চাহ বাগিচাৰ লোকৰ বাবে আশ্ৰয় গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব। চিকিৎসা মহাবিদ্যালয়সমূহত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 25 খন আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এক লাখ চাকৰিৰ ভিতৰত চাহ বাগিচাত যাতে চাহ জনগোষ্ঠীৰ লোকক নিযুক্তি দিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হৈছে। এইবাৰ কৰম পুজাত প্ৰথম বাৰৰ বাবে চৰকাৰী কাৰ্যালয় বন্ধ দিয়া হৈছিল।'
ৰাইজক আশ্বস্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয় যে, 'এতিয়া পদুমতে ৰূপজ্যোতি আছে আৰু ৰূপজ্যোতি আমাৰ লগত আছে আৰু আমি আপোনালোকৰ লগত আছো । আগতে ৰূপজ্যোতিয়ে বিধানসভাত অকলেই কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি আছিল । এতিয়া ৰূপজ্যোতি নাই কংগ্ৰেছো নাই।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|