ৰঙাপৰাৰ পিছত ৰাতাবাৰী আৰু সোণাৰি বিজেপিৰ দখলত, AIUDF ৰ দখলত জনিয়া, শূণ্যতে সন্তুষ্ট কংগ্ৰেছ!

ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচনত প্ৰত্যাশিত ভাবেই সোণাৰি, ৰাতাবাৰী আৰু ৰঙাপৰা সমষ্টি দখল কৰিছে বিজেপিয়ে।

News18-Assam
Updated:October 24, 2019, 4:18 PM IST
ৰঙাপৰাৰ পিছত ৰাতাবাৰী আৰু সোণাৰি বিজেপিৰ দখলত, AIUDF ৰ দখলত জনিয়া, শূণ্যতে সন্তুষ্ট কংগ্ৰেছ!
Source-Google
News18-Assam
Updated: October 24, 2019, 4:18 PM IST
ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচনত প্ৰত্যাশিত ভাবেই সোণাৰি, ৰাতাবাৰী আৰু ৰঙাপৰা সমষ্টি দখল কৰিছে বিজেপিয়ে। সোণাৰি সমষ্টিত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে কংগ্ৰেছ প্ৰাৰ্থী সুশীল চূড়ীক বিশাল ব্যৱধানত পৰাস্ত কৰে। সেইদৰে ৰঙাপৰা সমষ্টিত বিজেপিৰ ৰাজেন বৰঠাকুৰে কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীক প্ৰায় ২৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাতাবাৰী সমষ্টিতো বিজেপিয়ে লাভ কৰিছে সহজ জয়।

এইবাৰ ৰাজ্যৰ উপ নিৰ্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল কংগ্ৰেছ। কংগ্ৰেছৰ দখলত থকা জনিয়া সমষ্টিত এইবাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয়  AIUDF। AIUDF ৰ প্ৰাৰ্থী ৰফিকুল ইছলামে কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰিবলৈ সক্ষম হয়। সমষ্টিটোত বিজেপি প্ৰাৰ্থী তৌফিক ৰহমান তৃতীয় স্থানতে সন্তুষ্ট থাকে।

বিজয়ী প্ৰাৰ্থীৰ প্ৰতিক্ৰিয়া



 



আৰু চাওক পৰৱৰ্তী বাতৰি