• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Bye Election: কাৰ পক্ষত জনতাৰ ৰায়দান? থাওৰা, মৰিয়নীসহ পাঁচ সমষ্টিত আজি ভোটগ্ৰহণ...

Assam Bye Election: কাৰ পক্ষত জনতাৰ ৰায়দান? থাওৰা, মৰিয়নীসহ পাঁচ সমষ্টিত আজি ভোটগ্ৰহণ...

এই পাঁচটা সমষ্টিত ২০২১ৰ নিৰ্বাচনত কি হৈছিল৷ কোনে পাইছিল কিমান ভোট?

এই পাঁচটা সমষ্টিত ২০২১ৰ নিৰ্বাচনত কি হৈছিল৷ কোনে পাইছিল কিমান ভোট?

এই পাঁচটা সমষ্টিত ২০২১ৰ নিৰ্বাচনত কি হৈছিল৷ কোনে পাইছিল কিমান ভোট?

  • Share this:
আজি অনুষ্ঠিত হৈছে থাওৰা, মৰিয়নী,গোঁসাইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ উপ–নিৰ্বাচন। পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

এই পাঁচটা সমষ্টিত ২০২১ৰ নিৰ্বাচনত কি হৈছিল৷ কোনে পাইছিল কিমান ভোট?

২০২১ত এই পাঁচোটা সমষ্টিৰ মাথো এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে ৷ বিজেপি মিত্ৰজোঁটে লাভ কৰা একমাত্ৰ তামুলপুৰ সমষ্টিটোত UPPLৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৱে লাভ কৰিছিল ৭৮,৮১৮টা ভোট৷ সমষ্টিটোত কংগ্ৰেছ মহাজোঁটৰ বিপিএফৰ প্ৰাৰ্থী ৰাংজা খুংগুৰ বসুমতাৰীয়ে পাইছিল ৪৬,৬৩৫টা ভোট৷ তৃতীয় স্থানত আছিল নিৰ্দলীয় কেশৱ চন্দ্ৰ ৰাজবংশী ৷ তেওঁ লাভ কৰিছিল ১৪,৩৭৯টা ভোট৷ সমষ্টিটোত NOTA ভোট পৰিছিল ২৫৬২টা৷ ৰিজেক্ট হৈছিল ১৩৯টা ভোট৷

ইয়াৰ বিপৰীতে গোঁসাইগাঁও সমষ্টিটোত বিপিএফৰ প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে লাভ কৰিছিল ৭০,৪০৭টা ভোট৷ য'ত, UPPLৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীয়ে পাইছিল ৬০,০৬৪টা ভোট৷ সমষ্টিটোত তৃতীয় স্থানত আছিল নিৰ্দলীয় প্ৰাৰ্থী খাইনুৰ আনম খণ্ডকাৰে পাইছিল ৯১৭৪টা ভোট৷ য'ত NOTA ভোট আছিল ১৮০১টা৷ ৰিজেক্ট হৈছিল ৮৫টা ভোট৷

উপ–নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ভৱানীপুৰত AIUDFএৰি বিজেপিলৈ অহা ফণীধৰ তালুকদাৰে পাইছিল ৫৫,৯৭৫টা ভোট। য'ত, বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰিছিল ৫২,৭৪৮টা ভোট৷ সমষ্টিটোত তৃতীয় স্থানত আছিল নিৰ্দলীয় প্ৰাৰ্থী আবুল কালাম আজাদ৷ ভোট লাভ কৰিছিল ৫,৪০০টা৷ য'ত NOTA ভোট আছিল ১০৩৭টা আৰু ৰিজেক্ট ২২০টা ভোট৷

ঠিক একেদৰে থাওৰা সমষ্টিত কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল ৪৮,০২৬টা ভোট, সমষ্টিটোত কুশল দুৱৰীয়ে পাইছিল ৪৬,০২০টা ভোট৷ অজাপ প্ৰাৰ্থী দ্বীপেন তাঁতীয়ে পাইছিল ১৭০৫টা ভোট৷ য'ত ন'টা ভোট পৰিছিল ১১৪৬টা৷ ৰিজেক্ট হৈছিল ৩১৯টা ভোট৷

একেদৰে, মৰিয়নী বিধানসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে পাইছিল ৪৭,৩০৮টা ভোট য'ত, বিজেপিৰ ৰমণী তাঁতীয়ে পাইছিল ৪৪,৮৬২টা ভোট৷ সমষ্টিটোত অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰে পাইছিল ১৬১২টা ভোট আৰু তৃতীয় স্থানত আছিল NOTA, পৰিছিল ২০৫৬টা ভোট৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি