তামুলপুৰৰ পৰা আৰম্ভ কৰা দিনটোৰ নির্বাচনী প্রচাৰ কাৰ্যসূচীৰ অংশ হিচাপে সর্বানন্দ সােণােৱালে তামুলপুৰ, গােসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্রার্থী ক্রমে জলেন দৈমাৰী, জিৰন বসুমতাৰী আৰু ফণীধৰ তালুকদাৰৰ সমৰ্থনত মুঠ তিনিখন জনসভাত অংশগ্রহণ কৰে।
তামুলপুৰৰ পৰা আৰম্ভ কৰা দিনটোৰ নির্বাচনী প্রচাৰ কাৰ্যসূচীৰ অংশ হিচাপে সর্বানন্দ সােণােৱালে তামুলপুৰ, গােসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্রার্থী ক্রমে জলেন দৈমাৰী, জিৰন বসুমতাৰী আৰু ফণীধৰ তালুকদাৰৰ সমৰ্থনত মুঠ তিনিখন জনসভাত অংশগ্রহণ কৰে।
উপ-নির্বাচনী প্রচাৰ অভিযানৰ অন্তিম দিনটোত কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সােণােৱালে তামুলপুৰ, গােসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত মাৰাথন প্রচাৰ চলায়। তামুলপুৰৰ পৰা আৰম্ভ কৰা দিনটোৰ নির্বাচনী প্রচাৰ কাৰ্যসূচীৰ অংশ হিচাপে সর্বানন্দ সােণােৱালে তামুলপুৰ, গােসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্রার্থী ক্রমে জলেন দৈমাৰী, জিৰন বসুমতাৰী আৰু ফণীধৰ তালুকদাৰৰ সমৰ্থনত মুঠ তিনিখন জনসভাত অংশগ্রহণ কৰে।
তিনিওখন সভাতে ৰাইজৰ বিপুল উৎসাহ-উদ্দীপনা, অকুণ্ঠ সমর্থন পৰিলক্ষিত হয়।তামুলপুৰৰ গান্ধীবাৰীৰ জনসভাত সম্বােধন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে, তামুলপুৰৰ ৰাইজ অত্যন্ত শৃংখলাবদ্ধ আৰু সংস্কৃতিবান। মূল্যবােধৰ আধাৰত তামুলপুৰৰ এই সমাজখন সুন্দৰ ৰূপত গঢ় লৈ উঠিছে। বিভিন্ন জাতি-জনগােষ্ঠীৰ সমাহাৰেৰে পৰিপূৰ্ণ তামুলপুৰ সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ জয়যাত্রা অক্ষুন্ন ৰাখিবলৈ হ'লে বিজেপি মিত্ৰজোঁটক ভােট দিয়াৰ বাহিৰে অন্য গত্যন্তৰ নাই।
ইয়াৰ লগতে সোণোৱালে কয় যে, 'বিগত পাঁচ মাহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিভিন্ন ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে, তাৰে অংশস্বৰূপে এই সমষ্টিটোৱেও প্রগতিৰ দিশত আগুৱাই যােৱাৰ নতুন সুযােগ লাভ কৰিছে। অনাগত দিনত তামুলপুৰৰ সমস্যাবােৰ সমাধানৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে যাৱতীয় সকলাে পদক্ষেপ শক্তিশালী ৰূপত গ্ৰহণ কৰিব। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যৌথ প্রচেষ্টাৰে অসমৰ খিলঞ্জীয়া জনগণৰ ভাষা-সাহিত্য, মাটি-ভেটি, ৰীতি-নীতি সুৰক্ষিত কৰিবলৈ সদায়েই বদ্ধপৰিকৰ।'
আনহাতে কংগ্ৰেছৰ অপশাসনৰ দিনবােৰৰ কথা ৰাইজৰ আগত উদঙাই দি সােণােৱালে কয় যে- কংগ্ৰেছে সদায়েই অসম তথা উত্তৰ-পূর্বাঞ্চলক মাহী আইৰ দৃষ্টিৰে চাইছিল। ইয়াত অপাৰ সুযােগ-সম্ভাৱনা থকা স্বত্বেও সমগ্র অঞ্চলটোক কংগ্ৰেছে কেতিয়াও গুৰুত্ব দিয়া নাছিল। বৰঞ্চ লুণ্ঠন, দুর্নীতি, ভ্রষ্টাচাৰহে কৰিছিল। কংগ্ৰেছৰ দিনত অসমে প্রতিটো প্রাপ্য অধিকাৰৰ বাবেই আন্দোলন কৰিবলগীয়া হৈছিল। কিন্তু মােদীয়ে অসম তথা উত্তৰ-পূবক আন্তৰিকতাৰে ভালপােৱা বাবেই দেশৰ অষ্টলক্ষীস্বৰূপ এই প্রান্তটোত বিকাশৰ নতুন দিগন্তৰ সূচনা কৰিছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|