দুয়োজনে চলিত বৰ্ষতে দুটা পৃথক ৰাজনৈতিক দলৰ সভাপতিৰ দায়িত্ব লৈছিল
দুয়োজনে চলিত বৰ্ষতে দুটা পৃথক ৰাজনৈতিক দলৰ সভাপতিৰ দায়িত্ব লৈছিল
চলিত বৰ্ষতে সভাপতি হিচাপে নিয়োজিত হৈছিল অসম প্ৰদেশ বিজেপিত ভৱেশ কলিতা আৰু অসম প্ৰদেশ কংগ্ৰেছত ভূপেন বৰা ৷ দুয়োৰে বাবে পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচন আছিল প্ৰথমটো পৰীক্ষা ৷ বহুদিনৰ পৰা পাঁচ গল দিমেই বুলি কৈ কৈ সঁচাকৈয়ে পাঁচ গল দিলে ভৱেশ কলিতাৰ মিত্ৰজোঁটৰ টীমে ৷ ভৱানীপুৰত সেয়ে কৈয়েই পেলালে বিজেপি সভাপতি ভৱেশ কলিতাই "পাঁচ গল দিম বুলি কৈছিলো দি দিলো ৷ আমি প্ৰতিটো সমষ্টিত যেনেকুৱা ফলাফল হ'ব বুলি তথ্য লাভ কৰিছিলো সেই ফলাফলেই পালো ৷ ভৱানীপুৰ আমাক লাগিছিল, ৰাইজেও সেয়া বুজি উঠি আমাৰ পক্ষত ভোট দান কৰিলে ৷ ভৱানীপুৰৰ উন্নয়ণ এইবাৰ নিশ্চিত ৷"
কিন্তু এইবাৰ উপনিৰ্বাচনত গল খালে ভূপেন বৰাই। কেৱল গল খোৱাই নহয়, উপ নিৰ্বাচনত বিধ্বস্ত হ'ল ভূপেন বৰাৰ টীম কংগ্ৰেছ ৷ একপ্ৰকাৰ উচন হ'ল উজনিত নিজৰ ভেটি ৷ ছমাহ পূৰ্বে নিজৰ হাতত থকা থাওৰা মৰিয়নীত শোচনীয় পৰাজয় বৰণ কৰিলে কংগ্ৰেছে ৷ থাওৰাৰ দৰে এটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিলে মাত্ৰ ৫৮৯২টা ভোটহে ৷ ঠিক একেদৰে মৰিয়ণীত ১৫৩৮২টা ভোটহে পালে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷ পাঁচোটা সমষ্টিতে চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছত টীম কংগ্ৰেছৰ কেপ্তেইন গৰাকীয়ে ক'লে, "আমি খুব কম সময় পালো ৷ আমাৰ কমিটী গঠনৰ এশ দিন হৈছেহে ৷ তাৰ মাজতে উপ নিৰ্বাচন পালো ৷ বিৰোধীৰ আসনত আমাক ৰাখিছে ৰাইজে ৷ পাঁচটা বছৰৰ পিছত দেখা যাব ৷"
চলিত বৰ্ষৰ ২৬জুনত অসম প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব পাইছিল ভৱেশ কলিতাই৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতাৰ বাবে আছিল শনিবাৰে অনুষ্ঠিত হৈ যোৱা ৫টা সমষ্টিৰ নিৰ্বাচন এক অগ্নি পৰীক্ষা ৷ নিৰ্বাচনৰ দিনটোত বুথ আৰু পৃষ্ঠা প্ৰমুখৰ পৰা তথ্য লৈ ভৱেশ কলিতাই দাবী কৰিছিল পাঁচটা সমষ্টিতে জয়ী হ'বই বুলি ৷ আৰু সেয়াই হ'ল ৷ ইয়াৰ বিপৰীতে ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল চলিত বৰ্ষৰ জুলাইৰ ২৪ তাৰিখে ৷ অৰ্থাৎ সভাপতি হিচাপে দুয়োগৰাকীৰ দায়িত্ব লোৱাৰ সময়ৰ মাজত মাত্ৰ ২৮ দিনৰ তফাৎ ৷ এজনে গল দিলে পাঁচটা আৰু আনজনে খালে গল ৷ কিন্তু ইমানৰ পিছতো অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই শিক্ষা নলয় বুলি নিষ্ঠাবান কংগ্ৰেছীয়ে এতিয়া অনুভৱ কৰিছে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|