অখিল গগৈয়ে মাথোঁ মাটি দখল কৰিব জানে। অখিল গগৈয়ে ক'ৰ পৰা মাটিৰ পট্টা দিব। জিলা উপায়ুক্তৰ কাৰ্যালয়ত বহা এল এ চি বৰ্ডে স্বতন্ত্ৰভাৱে মাটিৰ পট্টা দিব নোৱাৰে, চৰকাৰখনেহে চুড়ান্ত তালিকা অনুমোদন কৰে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য কৰে।
অখিল গগৈয়ে মাথোঁ মাটি দখল কৰিব জানে। অখিল গগৈয়ে ক'ৰ পৰা মাটিৰ পট্টা দিব। জিলা উপায়ুক্তৰ কাৰ্যালয়ত বহা এল এ চি বৰ্ডে স্বতন্ত্ৰভাৱে মাটিৰ পট্টা দিব নোৱাৰে, চৰকাৰখনেহে চুড়ান্ত তালিকা অনুমোদন কৰে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য কৰে।
উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে থাওৰা সমষ্টিত বৃদ্ধি পাই আহিছে মন্ত্ৰী বিধায়কৰ আগমন। আজি থাওৰাৰ চৰগুৱা ৰংগমঞ্চত অনুষ্ঠিত নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, পীয়ুষ হাজৰিকা, বিমল বৰা, বিধায়ক সুৰেণ ফুকন, প্ৰাক্তন বিধায়ক কুশল দুৱৰী য়ে অংশগ্ৰহণ কৰে।
ভাষণ প্ৰসঙ্গত মন্ত্ৰী হাজৰিকাই থাওৰাত থকা ৰাইজৰ দলৰ কাৰ্যালয়ত ৩০ অক্টোবৰত তলা লাগিব বুলি ঘোষণা কৰে। দোকানী-ব্যৱসায়ীসকলক ৩০ তাৰিখৰ পূৰ্বে ৰাইজৰ দলৰ পৰা পাবলগীয়া পইচা ঘূৰাই লবলৈ আহ্বান জনায়। অখিল গগৈৰ পাৰ্টিক ভোট দিলে বাংলাদেশীক মাতি অনা বুলি কটাক্ষ কৰি কয় টীয়কৰ পিচত এইবাৰ অখিল গগৈয়ে বৰপেটা চৰ অঞ্চলৰ পৰা নিৰ্বাচন খেলিব। ইফালে, অখিল গগৈয়ে মাথোঁ মাটি দখল কৰিব জানে। অখিল গগৈয়ে ক'ৰ পৰা মাটিৰ পট্টা দিব। জিলা উপায়ুক্তৰ কাৰ্যালয়ত বহা এল এ চি বৰ্ডে স্বতন্ত্ৰভাৱে মাটিৰ পট্টা দিব নোৱাৰে, চৰকাৰখনেহে চুড়ান্ত তালিকা অনুমোদন কৰে বুলি মন্ত্ৰী পীয়ুষে জানিবলৈ দিয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|