உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মৰিয়নিত যুঁজ হ'ব, বন্ধু বনাম বন্ধু ! ৩০ বছৰে কংগ্ৰেছৰ দুৰ্গত পৰিণত মৰিয়নিত 'ৰূপজ্যোতিয়ে ৰূপজ্যোতি বুলি জিকা নাছিল, কংগ্ৰেছৰ বাবেহে জিকিছিল'-ক'লে এসময়ৰ ঘনিষ্ঠ বন্ধুৱে...

    মৰিয়নিত যুঁজ হ'ব, বন্ধু বনাম বন্ধু ! ৩০ বছৰে কংগ্ৰেছৰ দুৰ্গত পৰিণত মৰিয়নিত 'ৰূপজ্যোতিয়ে ৰূপজ্যোতি বুলি জিকা নাছিল, কংগ্ৰেছৰ বাবেহে জিকিছিল'-ক'লে এসময়ৰ ঘনিষ্ঠ বন্ধুৱে...

    মৰিয়নি উপনিৰ্বাচনত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এইবাৰ কংগ্ৰেছ দলৰ হৈ যুঁজত নামিব একালৰ এগৰাকী ঘনিষ্ঠ বন্ধুৱে। কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা লোহিত কোঁৱৰ বা অভিজিৎ এসময়ত ৰূপজ্যোতি কুৰ্মীৰ অতিকৈ বিশ্বস্ত সোঁহাত সদৃশ আছিল বহুতে কয়।

    • Share this:

    ৰূপজ্যোতি কুৰ্মীৰ মাতৃ বিধায়ক হৈ থকা কালৰ পৰা ৰাজনীতিত জড়িত হৈ পৰা লোহিত কোঁৱৰ মৰিয়নিত অভিজিৎ বা মাইনা নামেৰেহে অধিক পৰিচিত। মৰিয়নি উপনিৰ্বাচনত কংগ্ৰেছ দলে ব্যৱসায়ী তথা চিনামৰাৰ বাসিন্দা লোহিত কোঁৱৰক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা পাছতে মৰিয়নিত চৰ্চিত হৈছে ৰূপজ্যোতি কুৰ্মী আৰু লোহিত কোঁৱৰৰ ঘনিষ্ঠতাৰ বিষয়ে। কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰ এসময়ত ৰূপজ্যোতিৰ নলে গলে লগা বন্ধু আছিল।ৰূপজ্যোতিৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰা ছাঁ দৰে লগত থকা লোহিত কোঁৱৰে উপনিৰ্বাচনত যুঁজ দিব ৰূপজ্যোতিৰ বিৰুদ্ধে। কংগ্ৰেছৰ টিকট লাভ কৰা পাছতে সাংবাদিকে  ৰূপজ্যোতি কুৰ্মীৰ লগত থকা বন্ধুত্বৰ বিষয়ে প্ৰাৰ্থী গৰাকীক উনুকিয়াই দিয়াত কয় "সমষ্টিবাসীক ৰূপজ্যোতিয়ে প্ৰতাৰণা কৰিলে।এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ সমষ্টিবাসীয়ে উপনিৰ্বাচনত দিব।ৰূপজ্যোতি এসময়ত মোৰ ঘনিষ্ঠ আছিল। কিন্তু আজি আমি দুটা পৃথক দলৰ।তেওঁ বিজেপি মই কংগ্ৰেছৰ। আগৰ সম্বন্ধৰ কথা এতিয়া নাহে।সমষ্টিত তেওঁ কংগ্ৰেছ দলৰ বাবেই জিকিছিল।ৰূপজ্যোতি বুলি জিকা নাছিল।" আনহাতে উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৫০ হাজাৰ ভোট লাভ কৰাৰ দাবী কৰাৰ লগতে তাৎপৰ্যপূৰ্ণভাৱে নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বিতা ৰাইজৰ দলৰ সঞ্জীৱ গগৈৰ লগতহে হ'ব বুলি উল্লেখ কৰে। প্ৰাক্তন বিধায়ক তথা বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ২৫ হাজাৰ মান ভোট পাব বুলি কয় কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে। ইফালে মৰিয়নি সমষ্টিৰ উন্নয়নক মুল ইচ্ছ্যু ৰূপে গ্ৰহণ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কয় ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে।উল্লেখ্য  যে, বিগত প্ৰায় ত্ৰিশ বছৰে কংগ্ৰেছৰ দখলত আছে মৰিয়নি সমষ্টি। কংগ্ৰেছৰ দুৰ্গ ৰূপে খ্যাত আছিল মৰিয়নি। কিন্তু ৰূপজ্যোতিৰ বিজেপি গমনে মৰিয়নিত কংগ্ৰেছৰ ভেটি থৰক বৰক কৰি তোলাৰ বিপৰীতে ইয়াৰ সুযোগ লৈছে ৰাইজৰ দলে। উপনিৰ্বাচনত সমষ্টিতোত তিনিকোনীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত। ৪২ শতাংশ বাগিছা ভোট থকা সমষ্টিতোত বাগিছা ভোটাৰে নিৰ্ণায়ক ভূমিকা লৈ আহিছে।বৰ্তমান সময়ত বাগিছাত বিজেপিৰ ভেটি যথেষ্ট মজবুত। এনেক্ষেত্ৰত কংগ্ৰেছৰ দুৰ্গ অক্ষত ৰাখিবলৈ লোহিত কোঁৱৰ সক্ষম হ'ব নে নহয়। নে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা ভোট বিভাজনে ৰূপজ্যোতি কুৰ্মীৰ পুনৰ বিধানসভালৈ যাত্ৰা সুগম কৰিব সেয়া অতিকৈ লক্ষণীয় হ'ব।
    Published by:Kokil Sarma
    First published: