உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বাজপেয়ী ভৱনত আনন্দৰ বন্যা ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিঠাই খুৱালে মন্ত্ৰী ৰঞ্জিত দাসে...

    বাজপেয়ী ভৱনত আনন্দৰ বন্যা ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিঠাই খুৱালে মন্ত্ৰী ৰঞ্জিত দাসে...

    File photo

    File photo

    পাচ সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলে পুনৰ উৎফুল্লিত কৰিলে বিজেপিক ৷ দলটোক পুনৰ দায়বদ্ধ কৰি তুলিলে ৷ আমাক অসমৰ ৰাইজে জিৰণি লবলৈ দিয়া নাই ৷ আমি কাম কৰিব লাগিব ৷ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

    • Share this:
    পাচ সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলে পুনৰ উৎফুল্লিত কৰিলে বিজেপিক ৷ দলটোক পুনৰ দায়বদ্ধ কৰি তুলিলে ৷ আমাক অসমৰ ৰাইজে জিৰণি লবলৈ দিয়া নাই ৷ আমি কাম কৰিব লাগিব ৷ দুগুণ উৎসাহেৰে কাম কৰিব লাগিব ৷ তাৰবাবে জনতাৰ এই ৰায়দান ৷

    ভৱানীপুৰৰ ৰাইজে উন্নয়ণ বিচাৰিছে ৷ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম ৷ সংখ্যালঘু ভোটাৰে যদি ভোট দিছে সেয়া হৈছে তেওলোকে উন্নয়ন বিচাৰিছে ৷ আমি ভোট খুজি থাকিলে নাপাও ৷ কিন্তু কাম যেতিয়া কৰিছো, সেয়ে আমাক ভোট দিবলৈ বাধ্য ৷ নিৰ্বাচনী জয়লাভৰ পাছত বাজপেয়ী ভৱনত উপস্থিত হৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ জয়লাভৰ এই আনন্দত অধিক সময় পাৰ কৰাটো ভাল নহয় ৷ এয়া ভগবানৰ দান ৷ আৰু আমি অধিক অহংকাৰী হ'লে নহব ৷ জনতাৰ হৈ কাম কৰিব লাগিব ৷ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
    Published by:Kokil Sarma
    First published: